নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত মৰিপুৰ আনন্দপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় ভৱন উদ্বোধন ৰণজিৎ দাসৰ

বাঘমাৰাত একেলগে ৯টা আঁচনিৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বজালী জিলাৰ পখা-কেটেকীবাৰীৰ ১২৭ নং মৰিপুৰ আনন্দপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাঙ্গণত চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে পঞ্চায়তটিৰ নৱ-নিৰ্মিত স্থায়ী কাৰ্যালয় ভৱনটোৰ আজি শুভ উদ্বোধন কৰে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ কাৰ্যলয়টো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যালয়টোৰ জৰিয়তে পঞ্চায়তখনে এটি স্থায়ী ঠিকনা লাভ কৰিলে আৰু অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনীয়া এটি অভাৱ পূৰণ হ’ল ৷ পঞ্চায়তৰ অধীনত অঞ্চলটোত চলি থকা বিভাগৰ কাৰ্যাৱলী সমূহৰ সু-পৰিচালনা, বিভিন্ন আলোচনা অনুষ্ঠিত কৰাত সহায়ক হোৱাৰ উপৰিও আগন্তুক দিনৰ পৰিকল্পনা প্ৰস্তুতকৰণত এই কাৰ্যালয়টোৱে অৰিহণা যোগাব বুলি মন্ত্ৰী দাসে আশা ব্যক্ত কৰে৷

আনহাতে ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত জিলাখনৰ বাঘমাৰা ৰাজহ গাঁৱত অসম চৰকাৰৰ “অসম আদৰ্শ গাঁও যোজনা (A)” ৰ অধীনত ৰূপায়ণ হ’বলগীয়া কেবাটাও আঁচনিৰ শুভাৰম্ভ কৰে৷ তেওঁ নাওচালি হুদুখাটা পথৰ প্ৰৱেশদ্বাৰ স্থাপন, বাঘমাৰা বজাৰৰ সমীপৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশদ্বাৰ স্থাপন, ১৫৩৬ নং বাঘমাৰা প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু বেৰ নিৰ্মাণ, এ.ডব্লিউ.চি. ৰ আন্তঃগাঁথনি উন্নয়ন, জয়হিন্দ প্ৰেক্ষাগৃহৰ উন্নীতকৰণ, বিভিন্ন প্ৰতিষ্ঠান তথা সামাজিক সংগঠন সমূহত ১৫ টা পানীৰ ফিল্টাৰ স্থাপন, বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, বাঘমাৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, আৰু বাঘমাৰা ৰাজহুৱা স্বাস্থ্যকেন্দ্ৰক এফ. আৰ. ইউ. লৈ উন্নীতকৰণ আঁচনিৰ শুভাৰম্ভ কৰে৷

একেলগে মুঠ ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ কৰি কেবিনেট মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনি সমূহে বাঘমাৰা ৰাজহ গাঁৱৰ ৰাইজৰ অভাৱ-অভিযোগসমূহ দূৰ কৰি সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰাৰ লগতে এখন আদৰ্শ গাঁও হিচাবে ৰাজ্যৰ ভিতৰত জিলিকাই তুলিব৷ আটাইকেইটা কাৰ্যসূচীতে ভালে সংখ্যক স্থানীয় ৰাইজৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like