নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২৬ মাৰ্চঃ নগাওঁ জিলাৰ ৰূপহীহাটৰ লাওঁখোৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত এক মনোৰম দৃশ্যই বিৰাজ কৰিছে। উন্নয়ন খণ্ডৰ কাৰ্যালয়টোৰ কাষতে থকা দুজোপা শিমলু গছত নিতৌ ওলমি থাকে হাজাৰ-হাজাৰ বাদুলী। প্ৰকৃতিপ্ৰেমী ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ হৈ পৰিছে এই বাদুলীৰ জাকবোৰ। বিশেষকৈ উন্নয়ন খণ্ডটোৰ চৌপাশে জাক-জাক বাদুলীৰ কলৱেৰে মুখৰিত নান্দনিক দৃশ্যই সকলোৰে মন-প্ৰাণ মোহিত কৰি তুলিছে।
যি সময়ত নিশাচৰ প্ৰাণী বুলি পৰিচিত এই বিৰল প্ৰজাতিৰ বাদুলী বিলুপ্তি হ’বলৈ ধৰিছে, সেই সময়ত হাজাৰ-হাজাৰ বাদুলীয়ে লাওঁখোৱা উন্নয়ন খণ্ড কাৰ্যালয়ৰ চৌহদত দুজোপা গছত বছৰৰ পিছত বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কাৰ্যালয়টোলৈ নিতৌ অহা বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি জনসাধাৰণলৈকে সকলোৰে দাবী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হাজাৰ-হাজাৰ বাদুলীৰ আশ্ৰয়স্থল এই শিমলু গছ দুজোপা বন বিভাগে যাতে সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা কৰে।