নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ অশোক কাগজ কলত চোৰৰ তাণ্ডৱঃ পথৰ কাষত কলটোৰ বহু মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ 

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ-  বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত অশোক কাগজ কলত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে  চোৰৰ তাণ্ডৱ ।আজি কাগজ কলটোৰ সমীপত তথা গড়কাপ্তানি পথৰ কাষতে কলটোৰ চুৰি সামগ্ৰী উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা অশোক কাগজ কলৰ সমীপতে তথা পথৰ কাষতে স্থানীয় একাংশ লোকে আজি পুৱা   লো,পিতল আৰু তামৰ সামগ্ৰী পৰি থকা প্ৰত্যক্ষ কৰে।পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে ।স্থানীয় একাংশ লোকে জনোৱা মতে, চোৰে নিশা অশোক কাগজ কলৰ ভিতৰত মূল্যৱান সামগ্ৰী চুৰি কৰি পথৰ কাষতে এনেদৰে চুৰি সামগ্ৰী সমুহ পেলাই পলায়ন কৰে ।স্থানীয় ৰাইজে অভিযোগ কৰা মতে, অশোক কাগজ কলটোৰ চোৱা চিতা দায়িত্বত থকা ৰফিক আলীৰ লগতে নিৰাপত্তাৰ দায়িত্বত থকা একাংশ লোকৰ সহযোগত চোৰে দীৰ্ঘদিনৰ পৰা চুৰি কাণ্ড সংঘটিত কৰি আহিছে । এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিব’লৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like