নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ঝগৰাৰপাৰৰ ষ্টেডিয়াম ক্ৰিকেট ষ্টেডিয়ামৰূপে গঢ় দিয়াৰ সিদ্ধান্ত অসম ক্ৰিকেট সন্থাৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ধুবুৰী জিলাৰ ক্ৰিকেটপ্ৰেমী ৰাইজৰ বাবে আহিল বিশেষ সুখৱৰ। ধুবুৰী চহৰৰ ঝগৰাৰপাৰৰ ষ্টেডিয়ামখন ক্ৰিকেট ষ্টেডিয়াম ৰূপে গঢ়ি উঠাটো নিশ্চিত কৰি আজি বিয়লি ভাগত ষ্টেডিয়াম চৌহদত অসম ক্ৰিকেট সন্থাই আনুষ্ঠানিক ভাৱে স্থাপন কৰে আধাৰশিলা। এই আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে অসমৰ ক্ৰিকেট সংস্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকিয়াকে ধৰি অন্যান্যই। অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই জানিবলৈ দিয়া মতে সন্থাৰ উদ্যোগত অতি কম সময়ৰ ভিতৰত নতুন ৰূপত ধুবুৰীৰ ঝগৰাপাৰ ক্ৰিকেট ষ্টেডিয়ামখন দেখিবলৈ পাব ধুবুৰীৰ ৰাইজে। জানিব পৰা মতে, ধুবুৰীৰ এই ক্ৰিকেট ষ্টেডিয়ামত ২০২২/২৩ চনৰ আন্তঃ জিলাt ক্ৰিকেট প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে অসম ক্ৰিকেট সন্থাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like