নিমাতি-মাজুলীৰ মাজত তেলৰ অভাৱত বন্ধ হ’ল ৰ’পেক্সকে ধৰি বিভাগীয় ফেৰী সেৱা
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : আভ্যন্তৰীন জলপৰিবহন বিভাগৰ অধীনত চলি থকা মাজুলী অফলামূখ ঘাটৰ পৰা নিমাতিৰ মাজত চলি থকা বিভাগীয় জলযাতায়ত ব্যৱস্থা আজি পূৱা বিভাগে কোনো আগতীয়া জাননী অবিহনে বন্ধ কৰি দিয়াৰ লগে লগে ঘাটটোৰে পাৰ হবলৈ যোৱা শ শ যাত্ৰীৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয় । যাত্ৰী সকলে আগতীয়াকৈ অনলাইন মাধ্যমেৰে টিকট কাটি পূৱা নিৰ্দিষ্ট সময়ৰ পূৰ্বে ঘাটটোত উপস্থিত হয় যদিও বিভাগীয় কৰ্মচাৰীসকলে বিভাগীয় ফেৰী সেৱা বন্ধ বুলি ঘোষনা কৰাৰ লগে লগে যাত্ৰীসকলৰ মূৰত শৰগ ভাঙি পৰে । কাৰণ যাত্রীসকলৰ মাজৰ বহুতেই চিকিৎসাৰ বাবে, কোনোজন পৰীক্ষা সংক্ৰান্তত, কোনোৱে বজাৰ সমাৰ আৰু অন্যান্যসকল বিভিন্ন প্ৰয়োজনত বিভাগীয় ফেৰী যোগে যোৰহাটলৈ যাবলৈ আহিছিল । বিভাগীয় কৰ্মচাৰীৰ ফেৰী নোযোৱা ঘোষনাৰ পিছতেই যাত্ৰীসকলে ফেৰীঘাটটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ঘাটটোত কৰ্মৰত বিভাগীয় বিয়ষাৰ লগত যোগাযোগ কৰি জানিব পৰা মতে , বিভাগীয় জাহাজসমুহত প্ৰয়োজনীয় ইন্ধন যোগান ধৰা ডিপোটোক দীৰ্ঘদিন ধৰি পইচা আদায় নিদিয়াৰ বাবে ডিপোটোৱে ইন্ধনৰ যোগান বন্ধ কৰি দিয়াৰ বাবে বিভাগে আজি পূৱাৰ পৰা ৰ’পেক্সকে ধৰি অন্যান্য জাহাজসমুহৰ চলাচল বন্ধ কৰি দিব লগা হৈছে । উল্লেখযোগ্য যে, যোৱা ৮ ছেপ্তম্বৰত নিমাতী ঘাটৰ ভয়ংকৰ ফেৰী দূৰ্ঘটনাৰ পিছত আভ্যন্তৰীন জলপৰিবহন বিভাগে বিশেষ তৎপৰতা দেখুৱাই গুটীয়া নাও বন্ধ কৰি দীৰ্ঘদিন ধৰি ফুলদানীৰূপে পেলাই থোৱা ৰ’পেক্সকে ধৰি অন্যান্য জাহাজসমুহ মাজুলী-নিমাতীৰ মাজত চলোৱাৰ ব্যৱস্থা কৰি যাত্ৰীৰ নিৰাপদ যাতায়তৰ ব্যৱস্থা কৰিছিল যদিও প্ৰায় ছমাহ অতিক্ৰম কৰোতেই নানা অজুহাতত বিভাগীয় জাহাজ বন্ধ কৰি ব্যক্তিগত গুটীয়া নাৱক চলাচলৰ ব্যৱস্থা কৰি অধিক লাভৰ সুবিধা প্ৰদান কৰিছে বুলি সচেতন যাত্ৰীসকলে অভিযোগ কৰিছে আৰু এইক্ষেত্ৰত বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষ জড়িত আছে বুলি ক্ষোভ প্ৰকাশ কৰিছে আৰু এইক্ষেত্ৰত মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তৎক্ষনিক ব্যৱস্থা গ্ৰহন কৰি বিভাগীয় জাহাজসমুহ নিয়মীয়াভাবে চলাচলৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড