কলগাছিয়াত ভাৰত বন্ধৰ সমৰ্থকক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, কলগাছিয়া, ২৮ মাৰ্চঃ সমগ্ৰ দেশৰ লগতে কলগাছিয়াতো বিজেপি চৰকাৰৰ জনবিৰোধী নীতি বাতিল কৰা আৰু মটৰ শ্ৰমিক কল্যাণ আইন চালু কৰাৰ দাবীত কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়নে চকা বন্ধ কাৰ্যসূচী পালন কৰে। ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনসাধাৰণ বিৰোধী নীতিসমূহ বাতিল কৰাৰ লগতে মটৰ শ্ৰমিক কল্যাণ আইন চালু কৰাৰ দাবীত আহ্বান জনাইছে দেশজোৰা সাধাৰণ ধৰ্মঘট। তাৰ অংশ হিচাপে বৃহত্তৰ কলগাছিয়াৰ লগতে জনিয়া, খৰিচালা, বামুনটাৰী, লাংলা, বৰভিটা, মইনবড়ী, বালাগাওঁ আদি ঠাইত চকা বন্ধৰ লগতে দোকান পোহাৰ বন্ধ কৰি দেশজোৰা সাধাৰণ ধৰ্মঘট পালন কৰে। ইপিনে, সাধাৰণ ধৰ্মঘটৰ পক্ষত পিকেটিং কৰা সমৰ্থকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানলৈ নিয়ে।