ব’হাগতে পাতি লওঁ বিয়া… তিনি মাহত দেশজুৰি ৪০ লাখ বিবাহৰ ধুমধাম
বিশেষ বাৰ্তা, ৩১ মাৰ্চঃ ব’হাগ মানেই নতুন, ব’হাগ মানেই বিয়াৰ বতৰ। ব’হাগ তথা ইংৰাজী এপ্ৰিল মাহৰ মাজভগৰ পৰা আৰম্ভ হ’ব লগা বিয়াৰ বতৰৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে দেশজুৰি। ক’ভিডৰ সকলো নিৰ্দেশনা আঁতৰ হোৱাৰ পাছত প্ৰায় দুবছৰৰ মূৰত মানুহে ধুমধামেৰে বিয়া পাতিব বা বিয়া খাব পাব বুলি আশা কৰিছে। এক খবৰ অনুসৰি, ১৪ এপ্ৰিলৰ পৰা ৯ জুলাই লৈ বিয়াৰ বতৰত দেশজুৰি প্ৰায় ৪০ লাখ খন বিবাহ সম্পন্ন হ’ব। কেৱল দেশৰ ৰাজধানী দিল্লীতেই ৩ লাখ বিবাহ অনুষ্ঠানৰ আয়োজন চলিছে। যাৰ বাবে ব্যৱসায়ীসকলো যথেষ্ট উসাহী। ফাকুৱী তথা হোলীত ব্যৱসায় ৩০ শতাংশ বৃদ্ধিৰ পাছত বিবাহৰ বাবেও বেপাৰ ভাল হ’ব বুলি আশা কৰিছে। সনাতন ধৰ্মৰ উপৰিও আৰ্য সমাজ, শিখ সমাজ, পাঞ্জাৱী বিৰাদৰী, আন ধৰ্মসহিত বহু বৰ্গৰ মানুহে পঞ্জিকা অনুসৰি শুভদিনৰ বিচাৰ নকৰিলেও ব’হাগ-জেঠ মাহত বিবাহ পাতে।