নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙালী বিহুৰ প্ৰাকক্ষণত “সাত দিন সাত বিহু নাচ” উন্মোচন 

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : সমাগত ৰঙালী বিহুৰ প্ৰাক ক্ষণত সংগীতপ্ৰেমী ৰাইজৰ বাবে মুকলি কৰা হৈছে “সাত দিন সাত বিহু নাচ” শীৰ্ষক এটি অডিঅ- ভিডিঅ গীত। শিল্পী প্ৰদীপ বৰাৰ কথা-সুৰ সংযোজিত, প্ৰাঞ্জল বৰাৰ সংগীত, দিব্যজ্যোতি শইকীয়াৰ পৰিচালনা-সম্পাদনাৰে প্ৰদীপ বৰা আৰু টুটুমণি বৰাৰ কণ্ঠ সমৃদ্ধ অডিঅ-ভিডিঅ ৰূপত এই বিহুগীতটি আজি আনুষ্ঠানিকভাৱে উন্মোচিত হয়। গীতটোত অংশগ্ৰহণকাৰী শিল্পী সকলৰ উপস্থিতিত নগাঁৱৰ ডিমৰুগুৰিৰ পৰিবহণ নিগমৰ বাকৰিত অনুষ্ঠিত বিহু কৰ্মশালাস্থলীত উন্মোচন কৰে অসমীয়া ধাৰাবাহিকৰ “লকৈ” খ্যাত জনপ্ৰিয় কৌতুক অভিনেতা দিব্যজ্যোতি শইকীয়াই। “গান্ধাৰ”ৰ নিবেদনত প্ৰস্তুত কৰা এই গীতটি এতিয়াৰে পৰা উপলব্ধ হ’ব “লকৈ এণ্টাৰটেইনমেন্ট ইউটিউব চেনেল”ত।

প্ৰেৰক কনক হাজৰিকা

You might also like