ৰঙালী বিহু সমিতিলৈ এককালীন আর্থিক সাহায্য প্রদানঃ বিহু নিভাঁজ হৈ থাকক, নতুন প্রজন্মই বিহুক কেৱল সাংস্কৃতিক অনুষ্ঠান বুলি অনুভৱ কৰিব নালাগেঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ৪ এপ্রিলঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত ৰাজ্যত ৰঙালী বিহু উদযাপনৰ সৈতে জড়িত আয়োজক সমিতিসমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা এককালীন আর্থিক সাহায্য প্রদান কার্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে প্রতিবছৰে সংক্রান্তিৰ পৰা ৬ বহাগলৈ ৰঙালী বিহু উদযাপন কৰা আৰু সর্বনিম্ন দহ বছৰ কাল বিহু উদযাপন কৰি অহা সমিতিসমূহলৈ ৰাজ্য চৰকাৰে এই বিত্তীয় সাহায্য প্রদানৰ পদক্ষেপ লৈছে৷ এই পদক্ষেপৰ অধীনত ৰাজ্যখনৰ ৩০খন জিলাৰ ১২৬৫খন বিহু সমিতিলৈ ১.৫০ লাখ টকাকৈ প্রদান কৰা হব৷ ইয়াৰ বাবে সাংস্কৃতিক পৰিক্রমা বিভাগে ১৮.৯৭ কোটি টকা ব্যয় কৰিব৷ আজি কামৰূপ মহানগৰ জিলাৰ ১৩৮খন আৰু কামৰূপ জিলাৰ ১৪২খন বিহু সমিতিলৈ ১.৫০ লাখ টকালৈ প্রদান কৰা হৈছে৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিহু অসমৰ জাতীয় জীৱনৰ আয়ুসৰেখালৈ ৰূপান্তৰিত হৈছে৷ আর্থ–সামাজিক উত্তৰণৰ লগতে সংস্কৃতিৰ প্রচাৰ আৰু প্রসাৰ সাধনৰ ক্ষেত্রতো এখন চৰকাৰৰ দায়িত্ব থাকে৷ তেনে এক দৃষ্টিভংগীৰে ৰাজ্যখনত প্রথমবাৰৰ বাবে ৰঙালী বিহু উদযাপন সমিতিসমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা এককালীন আর্থিক সাহায্য প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে লোক-সংস্কৃতিৰ গৱেষক ড০ লীলা গগৈ, হেম বৰগোহাঞি আৰু ড০ নগেন শইকীয়াই বিহু সম্পর্কে কৰা মন্তব্যৰ উদ্ধতি দাঙি ধৰি কয় যে অতীতত বিহু সাত দিনলৈকেহে পালন কৰা হৈছিল৷ সংক্রান্তিৰ পৰা বহাগ মাহৰ ৬ তাৰিখলৈ অতীতত বিহু মৰা হৈছিল৷ বহুতৰ মতে ৰংপুৰৰ ৰংঘৰ চৌহদৰ পৰা নামনিলৈ বিহু মাৰি আহোতে কলিয়াবৰতে সাত দিন লাগিছিল৷ সেই সাত দিনতে সাত বিহুৰ নামকৰণ হৈছিল৷ আহোমৰ ৰাজত্বকালত বিহু জাতীয় উৎসৱলৈ ৰূপান্তৰিত হয় আৰু অসমৰ সকলো অঞ্চলতেই যাতে বিহু পালন কৰা হয়, তাৰ বাবে আহোম স্বর্গদেউসকলে প্রয়াস কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে স্বর্গদেউ ৰুদ্রসিংহই ১৬৮৯ চনত তৰুণ দুৱৰা বৰফুকনৰ দ্বাৰা শুৱালকুছিৰ ভৃংগেশ্বৰ দেৱালয়ৰ এখন ধর্মোত্তৰ দানপত্রত বহাগ বিহু পালন কৰিবলৈ নির্দেশ দিয়াইছিল৷ মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে বিহুৰ সৈতে জডিত আছে অসমৰ কেঁচা মাটিৰ গোন্ধ, জনজীৱনৰ স্পন্দন আৰু মানুহৰ মনৰ গতিশীলতা৷ বিহুৱে অসমীয়া জাতিক বৈচিত্র্যময় আৰু ঐতিহ্যময় কৰি তুলিছে৷ কিন্তু সাম্প্রতিক কালত বিহু বহু সময়ত সাংসৃক্তিক অনুষ্ঠানলৈ পর্যবসিত হৈছে তাৰ ফলত মানুহে সাত বিহুৰ কথা পাহৰি ডেৰ মাহতকৈও বেছি দিন পর্যন্ত বিহু উদযাপন কৰিবলৈ লৈছে৷ নতুন প্রজন্মই যাতে বিহু কেৱল এক সাংসৃক্তিক অনুষ্ঠান বুলি অনুভৱ কৰিবলৈ নলয়, সেই উদ্দেশ্যে আমি এটা নিভাঁজ বিহু আমাৰ উত্তৰ প্রজন্মক দি থৈ যাব লাগিব বুলিও মন্তব্য কৰি তেওঁ কয় যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই বহাগক গণ জীৱনৰ সাহ বুলি অভিহিত কৰি গৈছে৷ বিহু আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজত কৰবাত নহয় কৰবাত পার্থক্য থাকিব লাগিব বুলিও তেওঁ কয়৷ এক নতুন চিন্তা–চৰ্চাৰে বিহুটিক ধৰি ৰাখিবলৈ বিহুৰ প্রকৃত তাৎপর্য আৰু গৰিমা ঘূৰাই অনাৰ দায়িত্ব লবলৈ বিহু উদযাপন সমিতিসমূহলৈ আহ্বান জনাই অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে বিহু আয়োজন কৰাৰ আগতে আমি বিহু আয়োজনৰ নৈতিক অধিকাৰো আহৰণ কৰি লব লাগিব৷ তেওঁ বিহুৰ অনুষ্ঠানত পাৱাৰলুমৰ গামোচাৰ পৰিৱর্তে তাঁতশালত থলুৱাভাৱে উৎপাদিত গামোচা ব্যৱহাৰ কৰিবলৈ বিহু আয়োজক সমিতিসমূহলৈ আহ্বান জনায়৷ ইয়াৰ উপৰি বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ সময়ত লাডু–পিঠা আদি অসমীয়া খাদ্য সম্ভাৰ পৰিৱেশনৰ ব্যৱস্থা কৰিবলৈও বিহু উদযাপন সমিতিসমূহক আহ্বান জনাই ড০ শর্মাই লগতে কয় যে বিহু পতাৰ সমান্তৰালকৈ নিজ নিজ অঞ্চলত কর্মশালা অনুষ্ঠিত কৰি বিহুৰ দল গঠনৰ বাবেও বিহু উদযাপন সমিতিসমূহে উদ্যোগ লোৱা উচিত৷ মুখ্যমন্ত্রীয়ে কয় যে বিহুৱে অসমীয়া জাতিক বৈচিত্র্যময় আৰু ঐতিহ্যময় কৰি তুলিছে৷ বিহু নিভাঁজ হৈ থাকক সেই উদ্দেশ্যেই ৰাজ্য চৰকাৰে ৰঙালী বিহু উদযাপন সমিতিসমূহলৈ এককালীন আর্থিক সাহায্য প্রদানৰ পদক্ষেপ গ্রহণ কৰিছে৷ অনাগত সময়তো চৰকাৰে সমিতিসমূহৰ লগত জডিত হৈ থাকিব৷ সাংসৃক্তিক পৰিক্রমা বিভাগৰ সঞ্চালক ড০ দেৱজিৎ খনিকৰে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত সাংসৃক্তিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বড়াই ভাষণ প্রদান কৰে৷ অনুষ্ঠানত সাংস্কৃতিক পৰিক্রমা বিভাগৰ সচিব লয়া মাদ্দুৰীৰ উপৰি কামৰূপ মহানগৰ জিলা আৰু কামৰূপ জিলাৰ তালিকাভুক্ত বিহু সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷