নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজাব বিতৰ্কঃ মুস্কানক প্ৰশংসা আল কায়দাৰ মুৰব্বীৰ

বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ কৰ্ণাটকত হিজাব বিতৰ্কৰ সময়ত বিখ্যাত হৈ পৰিছিল এগৰাকী মুছলমান যুৱতী মুস্কান খান। মুস্কানক হিজাব পিন্ধি বিদ্যালয়লৈ অহাৰ সময়তে ‘জয় শ্ৰী ৰাম’ ধ্বনি দিছিল একাংশ শিক্ষাৰ্থীয়ে আৰু তাৰ প্ৰত্যুত্তৰত মুস্কানে ‘আল্লাহু আকবৰ’ বুলি চিঞৰিছিল। এই ভিডিঅ’টো ভাইৰেল হোৱাত বিখ্যাত হৈ পৰে মুস্কান। এইজনী শিক্ষাৰ্থীক প্ৰশংসাৰে উপচাই পেলাইছে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰীয়ে। এক ভিডিঅ’ বাৰ্তাত জৱাহিৰীয়ে মুস্কান খানক উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰশংসা কৰিছে বুলি জানিব দিছে বেচৰকাৰী চোৰাংচোৱা সংস্থা এটাই। এই কথাত স্বাভাৱিকতে জাঙুৰ খাই উঠিছে মুস্কানৰ পিতৃয়ে। পিতৃ মহম্মদ হুছেইনে একেষাৰে কৈছে যে আমাৰ দেশৰ কথাত মাত দিবলগীয়া আলকায়দা কোন। লগতে তেওঁৰ কন্যাৰ নাম এজন সন্ত্ৰাসবাদী নেতাই এনেদৰে লোৱাটো মুঠেও উচিত হোৱা নাই বুলিও তেওঁ খং কৰিছে। মুস্কান এতিয়াও ছাত্ৰী আৰু তাই নিজৰ শিক্ষা সম্পূৰ্ণ কৰিব বিচাৰে। আমাৰ দেশৰ শান্তি বিঘ্নিত কৰাৰ এয়া অপচেষ্টা বুলিও তেওঁ প্ৰকাশ কৰিছে।

You might also like