নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত পথ নিৰ্মাণত অনিয়ম,  চ’ত মাহৰ বৰষুণতে খহিল নিৰ্মীয়মাণ পথৰ চি চি ব্লক

নিয়মীয়া বাৰ্তা, সোণাৰি চাপৰি,  ৭ এপ্ৰিলঃ লখিমপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত ঘিলামৰা লোক নিৰ্মাণ বিভাগৰ অধীনত ২০১৮ চনৰে পৰাই নিৰ্মাণ চলি থকা জালভাৰী-বকুলবাৰী পথ নিৰ্মাণত পে টু ডমপম নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে ব্যাপক অনিয়ম কৰাৰ অভিযোগ তুলি ইয়াৰ এক ন্যায়িক তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৯ কোটি টকা ব্যয় সাপেক্ষে ৩ খন পকী দলংসহ নিৰ্মাণ কৰিবলগা ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ অংশ নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰাই চুড়ান্ত অনিয়ম কৰি অহা পথ নিৰ্মাণকাৰী সংস্থাটোৱে চাৰিকড়িয়া নদীৰ ওপৰৰ দলঙৰ দুয়োটা এপ্ৰচতে  কম মাটি দি অতি ঠিয়কৈ নিৰ্মাণ কৰাৰ লগতে চাইড বামত মাটি কমকৈ দি চিচি ব্লকেৰে পকীকৰণ কৰাত চ’ত মাহৰ সামান্য বৰষুণতে বিধস্ত হোৱাত ঠিকাদাৰ গোষ্ঠীৰ চুড়ান্ত অনিয়মৰ জলন্ত প্ৰমাণ বুলিও জানিবলৈ দিয়ে  স্বানীয় ৰাইজে ৷ ২০১৮ বৰ্ষৰ মাৰ্চ মাহৰ পৰাই সংস্থাটোৱে এৰা ধৰা মনোভাৱে নিৰ্মাণৰ কাম কৰি থকা পথটোত অতি কম পৰিমাণে মাটি পেলোৱাৰ অভিযোগ তুলি ৫ বছৰে ৩ খন পকী দলং সহ মাত্ৰ ডেৰ কিলোমিটাৰ সম্পূৰ্ণ কৰিব নোৱাৰা পথ নিৰ্মাণকাৰী সংস্থাটোক ব্লেক লিষ্টেট  কৰাৰো দাবী তুলিছে স্বানীয়  ৰাইজে ৷ তদুপৰি পথ অংশ নিৰ্মাণত হোৱা দুৰ্ণীতিৰ বিৰুদ্ধে স্ব জমিন তদন্ত কৰি উপযুক্তভাবে পথ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ মৌ খোৱা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত স্বানীয় ৰাইজে ঘিলামৰা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাৰ পিচতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ঠিকাদাৰে  বিভাগীয় বিষয়া কৰ্মচাৰীৰ গোপণ বুজাবুজি থকা বুলিও সন্দেহ ব্যক্ত কৰি দলংৰ দুয়োটা এপ্ৰচত উপযুক্ত ভাবে মাটি পেলাই পুণৰ নিৰ্মাণৰো দাবী জনাইছে অঞ্চল বাসীয়ে ৷
You might also like