ডিঙিত চিপ লৈছে এজাক মহিলাই…
বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ এখন ভয়ানক প্ৰতিবাদৰ ছবি। ডিঙিত চিপ লৈ আত্মহত্যাৰ ভাবুকি এজাক মহিলাৰ। হয়, ‘প্ৰতীকী আত্মহত্যা’ৰে প্ৰতিবাদ সাৱ্যস্ত কৰিলে অন্ধ্ৰপ্ৰদেশৰ একাংশ জনজাতীয় মহিলাই। ৰাজ্যখনৰ অনাকাপাল্লি জিলাৰ মাডুগুলা মণ্ডলৰ উৰলোভা গাঁৱৰ মহিলাসকলে ডিঙিত চিপ লৈ গছত ওলমি ‘প্ৰতীকী আত্মহত্যা’ৰে প্ৰতিবাদ সাৱ্যস্ত কৰা দৃশ্যই সকলোকে আচৰিত কৰিছে। খনন কোম্পানীৰ কাৰ্যবাহীয়ে ব্যৱসায় বিস্তাৰৰ বাবে ৰাজহ বিভাগৰ সহযোগত জেচিবিৰে তেওঁলোকৰ কাজুৰ খেতি ধ্বংস কৰিছে। এতিয়া এনে অৱস্থাত আত্মহত্যাৰ বাহিৰে তেওঁলোকৰ হাতত কোনো বিকল্প নাই। মহিলাসকলৰ অভিযোগ যে যোৱা কেইবা বছৰ ধৰি এনে ঘটনা ঘটি আহিছে আৰু তেওঁলোকে বিভাগীয় প্ৰশাসনক বাৰে বাৰে জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া মৃত্যুৰ বাহিৰে তেওঁলোকৰ একো উপায় নাই।