১২২ বছৰৰ অভিলেখ ভংগ, ৪৪ ডিগ্ৰীলৈ উঠিছে পাৰাস্তম্ভঃ গ্ৰীষ্মপ্ৰবাহে দহিছে…
বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ এফালে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত চ’তৰ শেষৰ বৰষুণজাকে শীতৰ অনুভৱ দিছে যদিও আনফালে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতকে ধৰি বহু ঠাইত গ্ৰীষ্মপ্ৰবাহে জনজীৱন ব্যতিব্যস্ত কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি মাৰ্চতকৈ এপ্ৰিলৰ বাকী দিনকেইটাত তাপমান আৰু বৃদ্ধি পাব। নাই বৰষুণৰ কোনো সম্ভাৱনা। গুজৰাট আৰু ৰাজস্থানত গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ খুবেই বেছি, পাৰাস্তম্ভৰ মান ৪৪ ডিগ্ৰী চেলছিয়াছলৈ উঠিছে। দেশৰ দহখন সবাতোকৈ গৰম মহানগৰৰ নাম ল’ব লাগিলে ৰাজস্থান আৰু গুজৰাটৰে ৭ খন মহানগৰৰ নাম সোমাব তালিকাত। ইপিনে, শণিবাৰ আৰু দেওবাৰে দেশৰ ৰাজধানী চহৰ দিল্লীত পাৰাস্তম্ভৰ মান আৰু অধিক হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা প্ৰকাশ কৰিছিল। শণিবাৰে দুপৰীয়ালৈ দিল্লীত তাপমান হৈছেগৈ ৪১ ডিগ্ৰী চেলছিয়াছ। উল্লেখণীয় যে যোৱা ১২২ বছৰৰ মূৰত মাৰ্চ মাহত সবাতোকৈ গৰম দিন পাৰ কৰিছে ভাৰতে।