অসমীয়াৰ পদূলিত চেনেহৰ ব’হাগঃ ২৫–৩০ লাখ বাজেট! তাৰকা কণ্ঠশিল্পীৰ আমন্ত্রণেৰে ‘ৰঙালী’ৰ আয়োজন
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ফাগুনে লঠঙা কৰা গছ–বিৰিখৰ কোমল কুঁহিপাতে বিনন্দীয়া কৰি তুলিছে পৰিৱেশ৷ বৰদৈচিলাই দি থৈ যোৱা বসন্তৰ আগমনৰ বতৰা পাই কুঁহিপাতৰ আঁৰত ৰৈ বিনাইছে কুলিয়ে৷ থৌকিবাথৌ হৈ পৰিছে অসমীয়াৰ মন৷ কিয়নো অসমীয়াৰ পদূলিত আগমন ঘটিছে চেনেহৰ ব’হাগ বিহুৰ৷ ৰঙালীক আদৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক প্রস্তুতি৷ ঢ়োল–পেঁপাৰ শব্দৰে ৰজনজনাইছে ৰাজ্যৰ আকাশ–বতাহ৷ বিগত দুটা বছৰ ধৰি ক’ভিডকালীন পৰিস্থিতিৰ বাবে মুকলিকৈ ৰঙালী বিহু উদ্যাপন কৰিব নোৱাৰা অসমীয়াই এইবাৰ পুনৰ পূর্বৰ দৰে বিহুটিক আদৰিবলৈ সাজু হৈছে৷ ব’হাগ বিহুৰ সময়ত এইবাৰো বিগত সময়ৰ দৰেই দেখা যাব বর্ণাঢ়্য আৰু ব্যাপক কার্যসূচী৷ মুকলি বিহুৰ পৰা আৰম্ভ কৰি নামী–দামী তাৰকাৰ সংগীতানুষ্ঠানেৰে মুখৰিত হৈ পৰিব প্রতিখন বিহুতলী৷ গাঁৱে–ভূঞে, চহৰে–নগৰে বিহুৰ অনুষ্ঠানৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে৷ ভিন্ন প্রান্তত ৰঙালী বিহুৰ প্রাক্ক্ষণত আয়োজন কৰা হৈছে বিহুৰ কর্মশালা৷ য’ত বিহুনৃত্যৰ পৰা আৰম্ভ কৰি ঢোল বাদনলৈকে দিয়া হৈছে প্রশিক্ষণ৷ ইয়াৰ মাজতে কেইবাখনো ঐতিহাসিক আৰু গৰিমামণ্ডিত বিহু কমিটীয়ে বিস্তৃত কার্যসূচীৰে আয়োজন কৰিছে ৰঙালী বিহুৰ অনুষ্ঠান৷
এইক্ষেত্রত পিছপৰি ৰোৱা নাই মহানগৰীৰ ৰঙালী বিহু কমিটীসমূহো৷ মহানগৰীখনৰ প্রান্তে প্রান্তে লাখ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে বিহুৰ অনুষ্ঠানসমূহ৷ লতাশিল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী বিহু সন্মিলনীয়ে পূর্বৰ দৰেই এইবাৰো আয়োজন কৰিছে বিহু কুঁৱৰী, বিহু ৰাণী আৰু বিহু সম্রাজ্ঞী প্রতিযোগিতা৷ লগতে অনুষ্ঠিত হ’ব মৌ কুঁৱৰী প্রতিযোগিতা৷ সন্মিলনীখনৰ উপদেষ্টা কৈলাস শর্মাই সদৰী কৰা অনুসৰি ১৪ এপ্রিলৰ পৰা ১৭ এপ্রিললৈ লতাশিল খেলপথাৰত অনুষ্ঠিত হ’ব বিহুৰ কার্যসূচী৷ ১৪ এপ্রিলৰ পুৱা ১০.৩০ বজাত পতাকা উত্তোলন কার্যসূচীৰে আৰম্ভ হ’ব বিহুৰ অনুষ্ঠান৷ আয়োজক কমিটীৰ সভাপতি অশোক কুমাৰ বিষয়াই পতাকা উত্তোলন কৰিব৷ পুৱাৰ ভাগত অনুষ্ঠিত হ’বলগীয়া এই কার্যসূচীতে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি প্রকাশ কৰিছে সন্মিলনীৰ উপদেষ্টাগৰাকীয়ে৷
তদুপৰি মুকলি বিহু, লোকনৃত্য, কামৰূপীয়া ঢুলীয়া আদিৰ উপৰি কেইবাগৰাকী জনপ্রিয় কণ্ঠশিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশ কৰিব লতাশিল খেলপথাৰত৷ ১৫ এপ্রিলত বাবু আৰু ১৬ এপ্রিলত প্রিয়ংকা ভৰালীয়ে অনুষ্ঠান পৰিৱেশন কৰিব৷ এইবাৰ এই বিহু সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ২০ৰ পৰা ২৫ লাখ টকাৰ বাজেট ধার্য কৰা হৈছে বুলিও তেওঁ সদৰী কৰে৷ সমান্তৰালভাৱে বিহু কমিটীখনক চৰকাৰে আগবঢ়োৱা আর্থিক অনুদানৰ বাবে মুখ্যমন্ত্রীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে শর্মাই৷ গুৱাহাটীৰ আন এখন ঐতিহ্যমণ্ডিত বিহু পূব গুৱাহাটী বিহু সন্মিলনীয়েও বর্ণাঢ়্য কার্যসূচীৰে আয়োজন কৰিছে ৰঙালী বিহুৰ অনুষ্ঠান৷ সন্মিলনীৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই জানিবলৈ দিয়া মতে, ১৪ এপ্রিলৰ পৰা ১৬ এপ্রিললৈ অনুষ্ঠিত হ’ব বিভিন্ন কার্যসূচী৷ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিহুৰ কার্যসূচী ইতিমধ্যে আৰম্ভ হৈছে বুলিও তেওঁ সদৰী কৰে৷ সেই অনুসৰি সন্মিলনীৰ উদ্যোগত যোৱা এক এপ্রিলৰ পৰা অনুষ্ঠিত হৈছে বিহু কর্মশালা৷ ১১ এপ্রিললৈ অনুষ্ঠিত হ’ব কর্মশালাখন৷ তদুপৰি ১১ এপ্রিলত সন্মিলনীয়ে আয়োজন কৰিছে স্বাস্থ্য শিবিৰৰ৷ ১৪ এপ্রিলৰ দিনা অসম বিহুৱতী প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়ালৈ বিভিন্ন মহাবিদ্যালয়ৰ শ্রেষ্ঠ সংগীত শিল্পীসকলে পৰিৱেশন কৰিব অনুষ্ঠান৷ ১৫ এপ্রিলত অনুষ্ঠিত হ’ব এৰা বাটৰ সুৰ নামেৰে এক বিশেষ মনোমোহা অনুষ্ঠান৷ য’ত কেইবাগৰাকীও স্বনামধন্য আৰু প্রবীণ কণ্ঠশিল্পীয়ে সংগিতানুষ্ঠান পৰিৱেশন কৰিব৷
তদুপৰি জনপ্রিয় কণ্ঠশিল্পী মণ্টুমণি আৰু নেকিবেও পৰিৱেশন কৰিব সংগীতানুষ্ঠান৷ এইবাৰ বিহু সন্মিলনীখনৰ বাজেট প্রায় ২৫ লাখ বুলি জানিব পৰা গৈছে৷ বর্ণাঢ়্য কার্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৩৬সংখ্যক খাৰঘুলি ৰঙালী বিহু সন্মিলন৷ ১৪ এপ্রিলৰ পুৱা গৰু বিহু পালনেৰে আৰম্ভ হ’ব বিহুৰ কার্যসূচী৷ ইয়াৰ পাছতে অনুষ্ঠিত হ’ব সাংস্কৃতিক শোভাযাত্রা৷ সেই দিনাই নিশা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গে৷ ১৫ এপ্রিলৰ দিনত বিভিন্ন খেল–ধেমালি আৰু আধুনিক নৃত্য অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়ালৈ সংগীতানুষ্ঠান পৰিৱেশন কৰিব পাপনে৷ ১৬ এপ্রিলৰ দিনা মহিলা গোটৰ মাজত বিভিন্ন প্রতিযোগিতা, কুইজ প্রতিযোগিতা, ভেশচন প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে নিশা জনপ্রিয় গায়িকা প্রিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰিব বুলি সদৰী কৰিছে খাৰঘুলি ৰঙালী বিহু সন্মিলনৰ সভাপতি দিব্যজ্যোতি কলিতা আৰু সাধাৰণ সম্পাদক মৃদুল কলিতাই৷ ৪৩সংখ্যক বর্ষত উপনীত হোৱা গীতানগৰ বিহু সন্মিলনীয়েও প্রায় ২৫ লাখ টকাৰ বাজেটেৰে আয়োজন কৰিছে ৰঙালী বিহু অনুষ্ঠান৷ সন্মিলনীখনৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই প্রকাশ কৰা অনুসৰি বিভিন্ন কার্যসূচীৰ লগতে জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত, দীপলীনা ডেকা, জে পি দাস, প্রণীতা বৈশ্য মেধি, কুইন দাসকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব৷ তদুপৰি গীতানগৰ বিহু সন্মিলনীয়ে অনুষ্ঠিত কৰিব অসম বৰ বিহুৱতী প্রতিযোগিতা আৰু বিহু হুঁচৰি প্রতিযোগিতা৷ এই দুয়োখন প্রতিযোগিতাৰেই সর্বমুঠ পুৰস্কাৰ হৈছে ১ লাখ টকা৷ ১৪ এপ্রিলৰ পৰা ১৭ এপ্রিললৈ গীতানগৰ স্কুল খেলপথাৰত এই অনুষ্ঠানসমূহ অনুষ্ঠিত হ’ব৷ ইফালে বেলতলাৰ বিহু অনুষ্ঠান অহা ২১ এপ্রিলৰ পৰা ২৩ এপ্রিললৈ অনুষ্ঠিত হ’ব৷ বিহুৰ প্রথম দিনা অর্থাৎ ২১ এপ্রিলত শংকুৰাজ কোঁৱৰ আৰু ৰিছা ভৰদ্বাজে পৰিৱেশন কৰিব সংগীতানুষ্ঠান৷ সেই দিনাই অনুষ্ঠিত হ’ব পাটমাদৈ প্রতিযোগিতা৷
তদুপৰি ২২ এপ্রিলত জুবিন গার্গ আৰু ২৩ এপ্রিলত পাপনে সংগীতানুষ্ঠান পৰিৱেশন কৰিব বেলতলাত৷ একে সময়তে মহানগৰীৰ মালিগাঁও, নুনমাটি, খানাপাৰা, কাহিলিপাৰা আদিকে ধৰি ভিন্ন প্রান্তত বর্ণাঢ়্য কার্যসূচীৰে আয়োজন কৰা হৈছে ৰঙালী বিহুৰ অনুষ্ঠান৷ উল্লেখ্য যে প্রাণৰ ৰঙালী বিহুটিক আদৰিবলৈ গাঁৱে–ভূঞে আৰম্ভ হৈছে প্রস্তুতি৷ আপোনজনক বিহুৰ দিনত মৰমৰ উপহাৰ হিচাপে দিবলৈ বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে শিপিনী৷