ভাবী শাহুৱেকে উপহাৰ দিয়া পাটৰ সাজেৰে খানাপাৰাৰ ৰঙালীৰ বাকৰিত বলীউডৰ গায়িকা–অভিনেত্রী শ্রুতি হাছান
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালযত অনুষ্ঠিত ৰঙালীলৈ আহি অভিভূত হৈ পৰিল শ্রুতি হাছান৷ প্রথমবাৰলৈ তেওঁৰ প্রেমিক অসম সন্তান শিল্পী শান্তনু হাজৰিকাৰ সৈতে অসমলৈ আহি অভিভূত হৈ পৰে হিন্দী ছবি ‘লাক’ৰ জৰিয়তে বলীউডত ভুমুকি মৰা জনপ্রিয় এই অভিনেত্রীগৰাকী৷
ৰঙালীৰ বাকৰিত শনিবাৰে সম্বর্ধনা জনোৱা হয় এইগৰাকী সংগীত শিল্পী তথা অভিনেত্রীক৷ ক’লা ৰং তেওঁৰ প্রিয় আৰু সেয়েহে ভাবি শাহু আয়ে উপহাৰ হিচাপে দিয়া ক’লা ৰঙৰ পাতৰ কাপোৰ আঁৰেৰে ভুমুকি মাৰি দর্শকৰ অজস্র হাত চাপৰি লাভ কৰে৷
অসমলৈ আহি অভিভূত হৈ শ্রুতি হাছানে কয়– অসমখন ইমান ধুনীয়া অথচ অসমত গানৰ ভিডিঅ’ৰ শ্বুটিং নহয় কিয়? ভৱিষ্যতে সুবিধা পালে অসমীয়া চিনেমা কৰিব বুলি আশা কৰি অভিনেত্রীগৰাকীয়ে কয় আমি এনেয়ে আমাৰ ভাৰতখনক পশ্চিম ভাৰত, মধ্য ভাৰত বা উত্তৰ–পূর্বাঞ্চল বুলি ভাগ ভাগ কৰি আহিছোঁ৷ সেয়ে মই মূলতঃ দক্ষিণ ভাৰতৰ যদিও অসমত সুবিধা পালে ছবি বা নিজ ব্রেণ্ডৰ জৰিয়তে নিজ ভাষাত ৰক সংগীত পৰিৱেশন কৰিবলৈ ইচ্ছুক৷ এইক্ষেত্রত মোৰ কোনো অসুবিধা নাই৷
শ্রুতিয়ে শেহতীয়াভাৱে দুই এটা অসমীয়া শিকিছে৷ কালি সাংবাদিকৰ আগত দুই–এটা অসমীয়া কয়৷ অসমীয়া থলুৱা খাদ্য প্রকৰণো খাবলৈ শিকিছে৷ আলু পিটিকা আৰু ভোটজলকীয়া খাই ভালপোৱা শ্রুতিয়ে ভাল পায় ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ গান৷ প্রেমিক শান্তনুক শ্রুতিয়ে লগ পাইছিল সামাজিক মাধ্যমৰ জৰিয়তে৷
ইতিমধ্যে তেতিয়া শ্রুতি যে বলীউডত খোজ দিছিল৷ আজিৰ ৰঙালীৰ বাকৰিলৈ যোৱাৰ কিছু আগমুহূর্তত সাংবাদিকৰ আগত শান্তনুৱে প্রেমিকা শ্রুতিৰ অনন্য গুণ গৰিমাৰ বিষয়ে এনেদৰে কয়– শ্রুতি এগৰাকী বহু প্রতিভা সম্পন্ন শিল্পী৷ যিকোনো বিষয় তেওঁ খুব সুন্দৰ আৰু মসৃণভাৱে উপস্থাপন কৰিব পাৰে৷ মূলতঃ মই কৰা ছবিৰ প্রতি আকর্ষিত হোৱাৰ মাজেৰেই আমাৰ চিনাকি হয়৷’ আনহাতে নিজ প্রতিভাৰ জৰিয়তে মুম্বাই নগৰত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শান্তনু অসমত থাকি প্রথমে বৰ হতাশাগ্রস্ত হৈছিল৷ কাৰণ তেতিয়ালৈ চিত্রকলাক ইমান গুৰুত্ব প্রদান কৰা নাছিল৷ মূলতঃ ইঞ্জিনীয়াৰিং শিক্ষা কেৰিয়াৰ হিচাপে লোৱা শান্তনুৱে সৰুৰে পৰাই চিত্রৰ প্রতিহে অধিক আকর্ষিত আছিল৷ ঘৰৰ ইচ্ছাৰ প্রতি সমর্থন জনায়েই শান্তনুৱে ইঞ্জিনীয়াৰিং পঢ়িছিল যদিও পঢ়াৰ মাজতে ছবিৰ প্রতিহে অধিক গুৰুত্ব প্রদান কৰিছিল আৰু পঢ়াৰ মাজতে ছবি আঁকি ফুৰিছিল৷ পিছলৈ তেওঁ অন্তিম বার্ষিক ইঞ্জিনীয়াৰিং শিক্ষা আধাতে এৰি পুনৰ ছবি অঁকাত লাগি গৈছিল আৰু আজি এজন সফল শিল্পী হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ দুই শিল্পীৰ সৈতে হোৱা কথোপকথনৰ আঁত ধৰি ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই শ্রুতি হাছানক ধন্যবাদ প্রদান কৰাৰ লগতে শিল্পী শান্তনু হাজৰিকাই ৰঙালীৰ সৈতে পূর্বৰে পৰা জড়িত হৈ ৰঙালী আৰু অসমৰ বাহিৰেও নতুন দিল্লীত অনুষ্ঠিত নর্থ–ইষ্ট ফেষ্টিভেলত বহু বাছকবনীয়া শিল্প আৰু পর্ড্রেইট উপহাৰ দিয়াৰ কথা সদৰী কৰে৷