অসম নাট্য সন্মিলনৰ ৬০ সংখ্যক অধিবেশনত শিশু নাট বৰষুণৰ সফল মঞ্চায়ণ
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ অসম নাট্য সন্মিলনৰ ৬০ সংখ্যক অধিবেশন নগাওঁ চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত ৭ এপ্ৰিলৰ পৰা অনুস্থিত হৈছে । অসম নাট্য সন্মিলনৰ প্ৰথম দিনাৰ দিনযোৰা কাৰ্যসূচীৰ অন্তত সন্ধিয়া বিশিষ্ট নাট্যকাৰ সদ্য প্ৰয়াত ডা:দিলীপ কুমাৰ বৰুৱা সোৱৰণী মাণ্ডলিক নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়।এই উপলক্ষে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নাট সন্ধিয়াৰ মঞ্চ শুভ উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই।শুভ উদ্ধোধনী অনুষ্ঠানত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী উপস্থিত থাকে।মাণ্ডলিক নাট প্ৰতিযোগিতাখনিত নাট্যকাৰ পৰিচালক বিশ্বজিৎ ডেকাৰ “যোগ্য ভোগ্য বসুন্ধৰা” আৰু দেব্ৰবত বৰঠাকুৰৰ “গুৰি বঠা” শীৰ্ষক নাটক দুখন মঞ্চস্থ কৰা হয়।
ইপিনে কালি বিয়লি অনুষ্ঠিত হয় শিশু নাট “বৰষুণ”। নাট্যকাৰ নৰেন পাটগিৰিৰ “বৰষুণ”শীৰ্ষক নাটকখনিৰ পৰিচালনা কৰে শোণিত কুমাৰ বৰাই।পৰিচালক শোণিত কুমাৰ বৰাৰ নিপুণ পৰিচালনাৰে মধুপুৰ শাখাৰ শিশু সকলে পৰিবেশন কৰা বৰষুণ নাটক খনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।শিশু শিল্পী সকলৰ অনবদ্য অভিনয়ে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে। নাটকখনৰ মূল বিষয় বস্তু হৈছে এনেধৰণৰ:সমগ্ৰ বিশ্বৰ প্ৰধান সমস্যাবোৰ ভিতৰত এটা সমস্যা হৈছে গোলকীয় উষ্ণতা l অসমকো সেই সমস্যাই চুই গৈছে l এই সমস্যাকে লৈ নাট্যকাৰে “বৰষুণ” নাটৰ অবতাৰণা কৰিছে l প্ৰকৃতি ধ্বংস অভিযান বন্ধ নকৰি ভেকুলী বিয়াৰে যে বৰষুণ আনিব নোৱাৰি সেই কথা কণমানিহঁতেও অনুভৱ কৰিছে l বেঙৰ কথাত বাৰিষা হোৱা হলে, পৃথিবীৰ খৰাং ঠাইবোৰত ভেকুলীৰ বিয়া পাতি বৰষুণ অনাৰ ব্যৱস্থা কৰিলেহেঁতেন l পৃথিৱীত খৰাং ঠাই নাথাকিলেহেঁতেন, আচলতে ভেকুলীৰ বিয়া মানুহৰ অন্ধবিশ্বাসহে এই কথা নাটকৰ মাজেৰে উপস্থাপন কৰা হৈছে l কমলা কুঁৱৰী সাধুৰ পৰা বৰ্তমান যুগত সকলোতে পানীৰ প্ৰয়োজনৰ সেই কথা নাট্যকাৰে সাধু আৰু গীতৰ মাজেৰে দৰ্শকৰ আগত দাঙি ধৰিছে ।