অদ্ভুত মাছক লৈ আলোড়নঃ নৰৱে’ৰ গভীৰ সমুদ্রত মাছমৰীয়াৰ জালত বন্দী ড্রেগন আকৃতিৰ প্রাণী
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ গভীৰ সমুদ্রত মাছমৰীয়াৰ জালত বন্দী হ’ল অদ্ভুত এক প্রাণী৷ দেখিবলৈ ড্রেগনৰ দৰে এই প্রাণীটোক লৈ এতিয়া চর্চা চলিছে নৰৱে’ত৷ দেশখনৰ ট্রোমছয় সমুদ্রত মাছ ধৰিবলৈ যোৱা ৰোমান ফেডোষ্টভ নামৰ এজন মাছমৰীয়াৰ জালত হঠাতেই এই অদ্ভুত প্রাণীটো বন্দী হয়৷ শৰীৰৰ ৰং গোলাপী, দীঘল নেজৰ উপৰি আছে পাখিও৷ সমুদ্রৰ পৰা যেন ড্রেগনহে উঠি আহিছে৷ আচলতে গভীৰ সমুদ্রৰ এক বিৰল প্রজাতিৰ মাছ এই ড্রেগন আকৃতিৰ প্রাণীটো৷ এই মাছবিধৰ নাম কিমায়ৰা৷ বিভিন্ন স্থানত এই মাছবিধক আকৌ গোষ্ট চার্ক বুলিও কোৱা হয়৷ মাছটোৰ ছবি ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামত শ্বেয়াৰ হোৱাৰ লগে লগে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বহুতৰ মতে, এই প্রাণীবিধ কেতিয়াও মাছ হ’ব নোৱাৰে৷
ইনষ্টাগ্রামত একাংশ ব্যৱহাৰকাৰীয়ে উল্লেখ কৰা অনুসৰি, প্রাণীটো সদ্য জন্ম হোৱা ড্রেগনৰ দৰে৷ এইধৰণৰ মাছ সাধাৰণতে সমুদ্রৰ ৮ হাজাৰ ফুট গভীৰত থাকে৷ লক্ষণীয়ভাৱে, এতিয়াও গভীৰ সমুদ্রত এনে প্রাণী থকা বুলি বিজ্ঞানীসকলে দাবী কৰিছে যদিও কেতিয়াও প্রাণীবোৰ মানুহৰ নজৰলৈ অহা নাই৷ মহাসাগৰৰ ৫০ শতাংশ প্রাণী এতিয়াও জনচক্ষুলৈ অহা নাই বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ কিমায়ৰাও তেনেধৰণৰ এবিধ মাছ৷