ধুবুৰীত ‘‘অসমী বহাগী মেলা-২০২২’’ৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আৰম্ভ হৈছে ‘‘অসমী বহাগী মেলা –২০২২’’। জিলা অভিযান পৰিচালনা শাখা, ধুবুৰী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা আয়োজিত এই মেলাখন আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিয়ে। এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, জিলা কৃষি বিষয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ধুবুৰী জিলাৰ প্ৰকল্প প্ৰৱন্ধক আছিফ আহমেদকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটৰ সদস্যাসকল উপস্থিত থাকে৷ অহা ১৩ এপ্ৰিললৈ চলিবলগীয়া এই মেলাখনত ধুবুৰী জিলাৰ মুঠ ১৪টা উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটসমূহৰ মুঠ ৩০টাকৈ বিপণীত বোৱা-কটা সামগ্ৰী, হস্তশিল্পৰ সামগ্ৰী, মৰাপাট–মেটেকা আদিৰে তৈয়াৰী সামগ্ৰী, বিভিন্ন খাদ্য সামগ্ৰী আদিৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে, আজিৰ এই উদ্বোধনী অনুষ্ঠানত ধুবুৰী জিলাৰ ৫টা ক্লাষ্টাৰ পৰ্যায়ৰ ফ’ৰাম (চিএলএফ)ৰ মহিলা সদস্যক একোখনকৈ ‘আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ’ বাহনো বিতৰণ কৰে জিলা উপায়ুক্তই৷ মেলাখনৰ লগত সংগতি ৰাখি স্কুলীয়া শিক্ষাৰ্থী আৰু আত্মসহায়ক গোটৰ মহিলাৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতা, আলোচনা চক্ৰকে ধৰি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী