নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ ২৩ তম প্রধানমন্ত্রী ৰূপে শপত ল’লে শ্বেহৱাজ শ্বৰীফেঃ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ…

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ পাকিস্তানৰ ইতিহাসত প্রথমবাৰৰ বাবে নির্বাচিত প্রধানমন্ত্রীয়ে অনাস্থা ভোটত পৰাজিত হোৱাৰ পাছত সোমবাৰে বিৰোধী দলপতি তথা পি এম এল এনৰ নেতা শ্বেহৱাজ শ্বৰীফ নতুন প্রধানমন্ত্রী হিচাপে নির্বাচিত হৈছে৷ শনিবাৰে অনাস্থা ভোটত তদানীন্তন প্রধানমন্ত্রী ইমৰান খানৰ চৰকাৰ পৰাজিত হোৱাৰ লগে লগে খানে প্রধানমন্ত্রিত্ব হেৰুওৱাৰ পাছত কালি প্রধানমন্ত্রী পদৰ প্রার্থীৰ নির্বাচনী প্রক্রিয়া আৰম্ভ হয়৷ বিৰোধী দল পি এম এল এনৰ নেতা শ্বেহৱাজ শ্বৰীফে প্রধানমন্ত্রীৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে পি টি আই দলৰ পৰা শ্বাহ মহম্মদ কুৰেশ্বীক প্রার্থী হিচাপে প্রক্ষেপ কৰা হয়৷ কিন্তু কালি সদনৰ কার্যসূচী আৰম্ভ হোৱাৰ পূর্বে পি টি আইৰ প্রধানমন্ত্রীৰ প্রার্থিত্ব প্রত্যাহাৰ কৰাৰ লগতে প্রধানমন্ত্রী নির্বাচনী প্রক্রিয়াৰ পৰা আঁতৰি আহে আৰু বিনাপ্রতিদ্বন্দ্বিতাৰে পি এম এল এনৰ নেতা তথা পূর্বৰ চৰকাৰৰ বিৰোধী দলপতি শ্বেহৱাজ শ্বৰীফ প্রধানমন্ত্রী হিচাপে নির্বাচিত হয়৷

দেশখনৰ ২৩সংখ্যক প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱা ৭০ বছৰীয়া শ্বেহৱাজ শ্বৰীফ হৈছে দেশৰ প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ ভাতৃ৷

শ্বাহবাজ শ্বৰীফে সোমবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১০ বজাত পাকিস্তানৰ ২৩ তম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনাইছে।

মন কৰিবলগীয়া যে বিৰোধী দলে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ অনাৰ পাছত প্রধানমন্ত্রীগৰাকীয়ে অনাস্থা প্রস্তাৱত ভোটদানৰ পূর্বেই সংসদ ভংগ কৰি দিয়ে৷ এই সংসদ ভংগক লৈ দেশখনৰ উচ্চতম ন্যায়ালয়ত পাঁচ দিন ধৰি শুনানি চলে আৰু এই শুনানিৰ অন্তত সর্বোচ্চ ন্যায়ালয়ে সংসদ ভংগ কৰাটো অসাংবিধানিক বুলি ৰায়দান কৰি ৯ এপ্রিলত অনাস্থা ভোট অনুষ্ঠিত কৰাৰ নির্দেশ দিয়ে৷ প্রধানমন্ত্রী খানে অনাস্থা প্রস্তাৱত ভোটৰ পক্ষত থিয় নিদি বিভিন্ন কৌশলেৰে এই প্রক্রিয়াৰ পৰা আঁতৰি আহিব বিচাৰিছিল যদিও উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ বাবে শনিবাৰে নিশা অনাস্থা ভোট অনুষ্ঠিত হয় আৰু এই অনাস্থা ভোটত ইমৰান খানৰ চৰকাৰ পৰাজিত হয়৷ লগে লগে দেশখনৰ ইতিহাসত এগৰাকী নির্বাচিত প্রধানমন্ত্রীৰ কার্যকাল সম্পূর্ণ নকৰাকৈ শাসনৰ গাদীৰ পৰা উৎখাত হয়৷

You might also like