নিয়মীয়া বাৰ্তা , বনগাঁও , ১৩ এপ্ৰিলঃ মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত ঘূনুচাবাৰী আৰু অশোকগুৰি দাধৰাৰ মাজৰ পকী দলঙৰ নিচেই কাষতে নৰেন শৰ্মা নামৰ লোকজনৰ ব্যক্তিগত পুখুৰীত উদ্ধাৰ হৈছে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ। পুখুৰিটোৰ কাষতে লাগি থকা শুকানসুতি নদীৰ পৰা কাছতো কণী পাৰিবলৈ বামলৈ উঠি যোৱা বুলি সন্দেহ গঞাৰ। কালি নিশা ৮:৩০ বজাত
কাছতো উদ্ধাৰ কৰা পিছত স্থানীয় লোকসকলে ফুলনি আৰক্ষী চকী, জেংৰাইমুখ থানা আৰু মাজুলী বন বিভাগক খবৰ দিয়ে। আৰক্ষী আৰু বনবিভাগৰ লোকসকল আহি স্থানীয় লোকৰ পৰা কাছতো সংগ্ৰহ কৰি ৰাতিয়েই বন বিভাগ, আৰক্ষী বাহিনীয়ে গাওঁৰক্ষী বহিনীৰ সহযোগত খেৰকটীয়া নদীত নিৰাপদে এৰি দিয়ে কাছতো।