নগাঁৱত ড্ৰাগছ সহ পাচ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ নগাঁৱৰ হয়বৰ গাওঁ আৰক্ষী চকীৰ আৰক্ষীৰ জালত পৰিল পাচ ড্ৰাগছ সৰবৰাহকাৰী ।হয়বৰ গাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও চহৰৰ সমীপৰ নাৰমাৰীত অভিযান চলাই দুৰ্দ্ধষ ড্ৰাগছ সৰবৰাহকাৰী আজাহাৰ উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চিলঙনি,বৰভেটি,কাটিমাৰী পথাৰৰ পৰা আজিজুল হক, দুলাল উদ্দিন,মতিবূৰ ৰহমান আৰু নুৰজাহানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে এই পাচ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা হিৰইন ভৰ্তি ১৩ টা কণ্টেনাৰ, দুটা ম’বাইল ফোন আৰু ৩২০০ টকা উদ্ধাৰ কৰে।
প্ৰেৰকঃ কনক হাজৰিকা নগাঁও