মৰঙিত প্ৰচণ্ড শিলাবৃষ্টি, ধুমুহাৰ মাজতে বনৰীয়া হাতীৰ আক্ৰমণঃ বিধ্বস্ত দুটা বাসগৃহ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : যোৱা শেষনিশা অহা প্ৰচণ্ড ধুমুহাৰ লগতে শিলাবৃষ্টিত মৰঙিৰ প্ৰায় সকলো অঞ্চলেই কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা দেখা পোৱা গৈছে৷ শিলাবৃষ্টিয়ে অঞ্চলটোৰ বহুতো বাসগৃহৰ টিনবোৰ ফুটা কৰি বিহুৰ উছাহৰ মাজতেই মানুহৰ দূৰ্গতি বঢ়াই তোলাৰ লগতে বিভিন্ন ঠাইত গছ উভালি বিদ্যুতৰ সংযোগৰো ব্যাপক ক্ষতিসাধন কৰে৷
মৰঙিৰ ৰঙাজান, মিৰিপথাৰ, পোৰাজংঘল, পংকা, তেলগৰম আদি ঠাইত ধুমুহা-শিলাবৃষ্টিৰ ক্ষতি তুলনামূলকভাৱে ব্যাপক৷ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে ঘটনাৰ বুজ লৈ সহায় আগবঢ়াবলৈ দলীয় কৰ্মীসকলক জৰুৰী নিৰ্দেশ দিছে৷ ইফালে ধুমুহা, শিলাবৃষ্টিৰ মাজতেই বগীধলা চাহ বাগিচাৰ পৰা ওলাই অহা হাতীৰ জাক এটাই উগ্ৰ ৰূপ ধাৰণ কৰে মৰঙিৰ মিৰিপথাৰ গাঁৱত৷ বৰষুণৰ মাজতেই গাঁৱৰ ৰাইজে হাতীৰ জাকটো খেদি পঠাবলৈ ওলাই আহিছিল যদিও সফল নহ’ল৷ গাঁৱৰ ৰাইজে বন বিভাগৰ লোককো খবৰ দিছিল যদিও নাতিদূৰৈৰ বকিয়াল আৰু মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীয়ে কোনো গুৰুত্বই নিদিলে বুলি মিৰিপথাৰ গাঁৱৰ ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ প্ৰায় তিনি ঘণ্টা গাঁওখনত উপদ্ৰৱ সৃষ্টি কৰি হাতীৰ জাকটো আঁতৰি যায়৷ হাতীৰ আক্ৰমণত মিৰিপথাৰ গাঁৱৰ বিপুল পানিকা আৰু ৰাজেন পানিকাৰ বাসগৃহ দুটা সম্পূৰ্ণৰূপে বিধ্বস্ত হয়৷ হাতীৰ আক্ৰমণৰ এই ঘটনা সন্দৰ্ভত অবগত হৈয়েই বৰ্তমান সমষ্টিৰ বাহিৰত থকা বিধায়ক বিশ্বজিৎ ফুকনে দুয়োটা পৰিয়ালেই প্ৰত্যেকেই তৎকালীনভাবে ৯০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য পাব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷
প্ৰেৰক : অৰ্ণৱ শইকীয়া