দিখৌ নৈৰ পানী সেউজীয়া হোৱাৰ সাম্ভাব্য কাৰণ
শেহতীয়াকৈ শিৱসাগৰস্থিত দিখৌ নৈৰ পানীৰ ৰং সেউজীয়া হোৱাক লৈ বহুজনে চিন্তা ব্যক্ত কৰিছে। পৰিৱেশৰ উপাদানসমূহক লৈ মানুহ চিন্তিত হোৱাটো পৃথিৱীৰ বাবে শুভ খবৰ।
দিখৌৰ পানী সেউজীয়া হোৱাৰ বিভিন্ন কাৰণো বহুজনে ব্যক্ত কৰিছে। যিহেতুকে এতিয়ালৈকে বিষয়টোৰ বিজ্ঞানসন্মত পৰীক্ষা হোৱা নাই, গতিকে আমি কোনো এটা কাৰণকে (reason) কাৰক (cause)হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ।
পৃথিৱীত ঘটা প্ৰতিটো ঘটনাৰ বিজ্ঞান সন্মত অধ্যয়নৰ এক পদ্ধতি হ’ল- ঘটনাৰ ইতিহাস অধ্যয়ন যাক case study বোলা হয়। এনে পদ্ধতিৰ আলমত দিখৌৰ ঘটনাৰ অধ্যয়ন কৰিবলৈ আমি এক প্ৰয়াস কৰিছোঁ।
সাম্প্ৰতিক সময়ত পৃথিৱীৰ বহু ঠাইৰ নদীৰ পানী ৰং বিভিন্ন কাৰণত সলনি হৈছে। এই কাৰণ সমূহৰ ভিতৰত নদীৰ উৰ্ধস্থলত শিলৰ ক্ষয়, শিলত থকা বিভিন্ন ৰাসায়নিক মৌল নদীৰ পানীত মিহলি হোৱা, নদীত শেলুৱৈ সৃষ্টিৰ বাবে পৰিৱেশ সূচনা হোৱা, প্ৰদূষিত সামগ্ৰী নদীত পেলোৱা, মাছ মাৰিবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা আদি কাৰণসমূহ অন্যতম।
নদীৰ পানীৰ ৰং সেউজীয়া হোৱাৰ কাৰণ বিচাৰি যদি আমি পূৰ্বে ঘটা এনে ঘটনাৰ কাৰক বিশ্লেষণ কৰোঁ তেন্তে দেখিম যে নদীৰ পানীত microcystis algae নামৰ এক শেলুৱৈৰ উপস্থিতিত নদীৰ পানীৰ ৰং সেউজীয়া হয়। এনে ঘটনা সাধাৰণতেই মাৰ্চ মাহৰ পৰা মে’ মাহৰ ভিতৰত হোৱা দেখা যায়। এই সময়ত হোৱা প্ৰচুৰ বৰষুণত নদীৰ কাষৰ সাৰুৱা পথাৰৰ পৰা এই শেলুৱৈ নদীলৈ আহে আৰু উপযুক্ত বা প্ৰয়োজনীয় খাদ্যৰ সহায়ত ইহঁতে সালোক সংশ্লেষণ আৰম্ভ কৰে। আমি সকলোৱে জানো যে সালোক সংশ্লেষণৰ বাবে সূৰ্য্যৰ ৰশ্মিৰ প্ৰয়োজন, গতিশীল নদীত নিদিষ্ট ৰশ্মি পোৱা নাযায়, কিন্তু যেতিয়া অতিমাত্ৰা বৰষুণ হয় তেতিয়া নদীসমূহ পূৰ্ণহৈ (নদীখন পৰা স্থান আৰু নদীখনৰ জলস্তৰ সমান হ’লে) নদীৰ গতি কিছুদিনৰ বাবে স্তিমিত হয় আৰু এনে সময়ত এই শেলুৱৈ প্ৰজাতিয়ে সালোক সংশ্লেষণৰ প্ৰয়োজনীয় ৰশ্মি সূৰ্য্য পৰা লাভ কৰে।
এইখিনিলৈকে চাবলৈ গ’লে ই এক স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা। কিন্তু ওপৰত উল্লেখ কৰা এটা বিষয়ত বিশেষ গুৰুত্ব দিলে এই পৰিঘটনা প্ৰাকৃতিক নহবও পাৰে। আৰু সেই বিষয়টো হ’ল শেলুৱৈৰ পুষ্টিকৰ খাদ্য (nutrient)।
গৱেষণাৰ পৰা দেখা গৈছে যে microcystis algae জীৱন বৃদ্ধিত তিনিটা মৌলই সহায় কৰে, ফচফৰাছ, নাইট্ৰেইট আৰু ছালফাৰ। এই তিনিবিধ ৰাসায়নিক মৌল উৎস দুই ধৰণৰ হব পাৰে-
১. খেতিপথাৰৰ (চাহবাগিছাও হব পাৰে) ৰাসায়নিক সাৰ
২. চহৰৰ পেলনীয়া সামগ্ৰী বা উদ্যোগৰ পেলনীয়া সামগ্ৰী
যিহেতুকে বৰ্তমান সময়ত অসমত কৃষি কাৰ্য্য আৰম্ভ হোৱা নাই গতিকে খেতিপথাৰৰ পৰা এনে সামগ্ৰী দিখৌত পৰি শেলুৱৈক খাদ্য যোগান ধৰা কথাটো মানি লব নোৱাৰি। কিন্তু চাহবাগিছাৰ পৰা এনে সামগ্ৰী নদীত পৰিছে নেকি সেই কথা নিশ্চিত কৰাটো জৰুৰী।
অতি গুৰুত্বপূৰ্ণ উৎসটো হ’ল চহৰৰ বা উদ্যোগৰ পেলনীয়া সামগ্ৰী। এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এক বিজ্ঞানসন্মত জৰীপৰ ব্যৱস্থা কৰাটো আমি বিবেচনাত অতি জৰুৰী। ইয়াৰ লগতে নৈৰ উৰ্ধস্থলত বা উৎপত্তিস্থলত মুক্ত কয়লাখননৰ পেলনীয়া (mine waste) দিখৌত পৰিছে নেকি তাকো নিশ্চিত কৰি ৰোধ কৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
শেষত উল্লেখ কৰা ভাল হ’ব যে নদী প্ৰদূষণৰ ভিতৰত দেশৰ ভিতৰত অসমৰ স্থান তৃতীয়। ই নিশ্চয়কৈ অসমৰ বাবে ভাল খবৰ নহয়। সেয়েহে নদীৰ ৰং সলনি হোৱা এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইয়াৰ এক বিজ্ঞানসন্মত অধ্যয়নৰ ব্যৱস্থা কৰি ইয়াৰ কাৰকসমূহ নিশ্চিত কৰি নদী এক সুস্থ জীৱন প্ৰক্ৰিয়াৰে গতিশীল কৰি ৰাখিবলৈ আমি সকলোৱে মানসিক আৰু দৈহিকভাৱে সাজু হোৱাটো বতৰ্মান সময়ত একান্তই জৰুৰী।
লেখক-ড০ বিজয়কৃষ্ণ চেতিয়া, ভূতত্ত্ববিদ