নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ পৰৱর্তী সেনাৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশৰ পৰৱর্তী সেনাবাহিনীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে৷ অহা ১ মে’ত সেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰিব লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই৷

বর্তমানৰ সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেৰ কার্যকাল অহা ৩০ এপ্রিলত সামৰণি পৰাৰ পূর্বে সোমবাৰে কেন্দ্রীয় চৰকাৰে পৰৱতী সেনাৰ মুৰব্বী হিচাপে লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেক নিযুক্তি দিয়ে৷

ভাৰতীয় সেনাবাহিনীৰ ২৯সংখ্যক মুৰব্বী হিচাপে নিযুক্তি পোৱা মনোজ পাণ্ডে হৈছে ক’ৰ অৱ ইঞ্জিনীয়ার্ছৰ প্রথমগৰাকী বিষয়া৷ ৰাষ্ট্রীয় প্রতিৰক্ষা একাডেমীৰ পৰা উত্তীর্ণ হৈ ১৯৮২ চনৰ ডিচেম্বৰত ক’ৰ অৱ ইঞ্জিনীয়ার্ছত নিযুক্তি লাভ কৰে৷ জম্মু–কাশ্মীৰৰ এল অ’ চি সংলগ্ন পালানৱালা ছেক্টেৰত অপাৰেচন পৰাক্রমৰ সময়ত ইঞ্জিনীয়াৰ ৰেজিমেণ্টৰ দায়িত্বত থকা ফেলটেনেণ্ট জেনেৰেল পাণ্ডেই ৩৯ বছৰীয়া সামৰিক কেৰিয়াৰত লাডাখত কার্যনির্বাহ কৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলতো কার্যনির্বাহ কৰিছিল৷ ইষ্টার্ন কমাণ্ডোৰ দায়িত্ব গ্রহণৰ পূর্বে আন্দামান আৰু নিকোবৰ কমাণ্ডাৰ ইন চীফ হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷ বর্তমান লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই দেশৰ সেনাবাহিনীৰ উপ–মুৰব্বী হিচাপে কার্যনির্বাহ কৰি আছে৷

You might also like