নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন নির্দেশনাঃ প্রাক্তন আৱাসীকে ধৰি বাহিৰৰ কোনো ব্যক্তিয়ে অতিথি হিচাপে থাকিব নোৱাৰিব হোষ্টেলত

নিময়ীয়া বাৰ্তা, ২৩ এপ্রিলঃ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত হোৱা খেলিমেলিৰ পৰা আৰম্ভ কৰি বিভিন্ন বিতর্কত সঘনাই সাঙোৰ খাই অহা গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই শেহতীয়াকৈ জাৰি কৰা এখন জাননীয়ে শিক্ষার্থীৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ উপাচার্যৰ সন্মতিক্রমে বিশ্ববিদ্যালয় কর্তৃপক্ষই জাৰি কৰা এই নতুন জাননী অনুসৰি প্রাক্তন আৱাসীকে ধৰি বাহিৰৰ কোনো ব্যক্তিয়ে অতিথি হিচাপে থাকিব নোৱাৰিব হোষ্টেলত৷ তাৎক্ষণিকভাৱে এই নির্দেশনা বলৱৎ কৰা হৈছে বিশ্ববিদ্যালয়খনত৷ যদিহে কোনো লোকে অকর্তৃত্বশীলভাৱে হোষ্টেলত বাস কৰি থাকে, তেনেহ’লে তাৎক্ষণিকভাৱে হোষ্টেল বিয়েৰাৰসকলে ৱার্ডেনক জনাবলৈও নির্দেশ দিয়া হৈছে৷ এইক্ষেত্রত নিজৰ কর্তব্য পালন কৰাত ব্যর্থ হোৱা হোষ্টেল বিয়েৰাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিয়া হৈছে জাননীখনত৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহত নিযুক্তিপ্রাপ্ত হোষ্টেল বিয়েৰাৰসকলে নিযুক্তিৰ এসপ্তাহৰ ভিতৰতে হোষ্টেল অথবা হল বিধি ২০১৭ মানি চলিব বুলি সন্মতিপত্রত স্বাক্ষৰ কৰিব লাগিব৷ আনকি আন্তঃহোষ্টেল অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্রতো বাধা আৰোপ কৰা হৈছে৷ বিশ্ববিদ্যালয় সপ্তাহকে ধৰি যিকোনো সময়ত হোষ্টেলসমূহৰ মাজত কোনোধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান নকৰিব কর্তৃপক্ষই৷ সমান্তৰালভাৱে এই জাননীৰ জৰিয়তেই প্রাক্তন আৱাসী অথবা কোনো অকর্তৃত্বশীল ব্যক্তি হোষ্টেলত বাস কৰিলে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা অথবা আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও বিশ্ববিদ্যালয় কর্তৃপক্ষই সকীয়াই দিছে৷ যোৱা চাৰি এপ্রিলত অনুষ্ঠিত ৰেছিডেন্স হেল্থ এণ্ড ডিচিপ্লিন ব’ডৰ বৈঠকত এই প্রস্তাৱ গ্রহণ কৰা হৈছিল৷ ইয়াৰ পাছতে ১৩ এপ্রিলত বিশ্ববিদ্যালয়ৰ উপাচার্যই সন্মতি প্রদান কৰাৰ পাছত প্রস্তাৱটো জাননী আকাৰে ১৯ এপ্রিলৰ পৰা বলৱৎ কৰা হৈছে৷ ইপিনে এই জাননী প্রদান কৰাৰ পাছতে বিশ্ববিদ্যালয়খনৰ শিক্ষার্থীসকলৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাই জাননীখন ২৪ ঘণ্টাৰ ভিতৰত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে৷ বিশ্ববিদ্যালয়খনৰ শ্রেণীসমূহৰ সচিবলৈ প্রেৰণ কৰা এখন দাবীপত্রত এই দাবী উল্লেখ কৰাৰ লগতে জাননীখন বাতিল নহ’লে ধাৰাবাহিক আন্দোলন আজিৰ পৰা গ্রহণ কৰা হ’ব বুলিও হুংকাৰ দিছে৷ ইয়াৰ অংশ হিচাপে আজি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্র সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ প্রশাসনীয় ভৱনৰ সমুখত দুঘণ্টাজোৰা প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰো দাবী উত্থাপন কৰিছে প্রতিবাদী শিক্ষার্থীসকলে৷ আজি প্রতিবাদী কার্যসূচীৰ জৰিয়তে পৰৱর্তী এসপ্তাহৰ ভিতৰতে বিশ্ববিদ্যালয়ৰ সমূহ আৱাস–নিৱাসৰ কৃত্রিম বানপানীৰ সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ তদুপৰি নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা বিশ্ববিদ্যালয়খনৰ চৌহদৰ পৰাই ছাত্রীৰ হাতৰ পৰা চোৰে ম’বাইল কাঢ়ি নিয়াৰ পাছত কি ব্যৱস্থা লোৱা হ’ল বুলিও প্রতিবাদী শিক্ষার্থীসকলে কর্তৃপক্ষক প্রশ্ণ উত্থাপন কৰে৷ তদুপৰি এমাহৰ ভিতৰত শ্রেণীসমূহৰ ভাৰপ্রাপ্ত সচিবৰ স্থায়ী নিযুক্তি, বিশ্ববিদ্যালয়ৰ চৌহদত এটা বিজ্ঞানসন্মত নলা–নর্দমা ব্যৱস্থা, পর্যাপ্ত পৰিমাণৰ ষ্ট্রীট লাইট, পুথিভঁৰালৰ অধ্যয়নৰ সময় নিশা ১০ বজালৈ বৃদ্ধি কৰা আৰু ছাত্রী নিৱাসৰ প্রৱেশৰ সময় বৃদ্ধি কৰিবলৈও দাবী উত্থাপন কৰিছে স্নাতকোত্তৰ ছাত্র সন্থাই৷ সেইদৰে স্নাতকোত্তৰ ছাত্র সন্থাৰ বিষয়ববীয়াক শেহতীয়াকৈ অনুষ্ঠিত হোৱা এখন সভাৰ পৰা অপমান কৰি উলিয়াই দিয়া বিশ্ববিদ্যালয়ৰ ভাৰপ্রাপ্ত সচিবক সমূহীয়াভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে প্রতিবাদী শিক্ষার্থীসকলে৷ আনহাতে, ৰেছিডেন্স হেল্থ এণ্ড ডিচিপ্লিন ব’ডত দুয়োটা ছাত্র সন্থাৰ প্রতিনিধি অন্তর্ভুক্ত কৰাৰ লগতে ছাত্র–ছাত্রীৰ ওপৰত যিকোনো প্রশাসনিক সিদ্ধান্ত জাপি দিয়াৰ পূর্বে আলোচনা কৰিবলৈও তেওঁলোকে দাবী জনাইছে সংশ্লিষ্ট কর্তৃপক্ষক৷

You might also like