ছ’চিয়েল মিডিয়াত আলোড়ন মনোজ বাজপেয়ীৰ ‘ভগৱান ঔৰ খোদা’ৰ
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ৰাম নৱমী আৰু হনুমান জয়ন্তীৰ শোভাযাত্রাত সাম্প্রদায়িক সংঘর্ষৰ উত্তেজনা বিয়পি পৰাৰ সমান্তৰালকৈ ৰাজস্থানত ৩০০ বছৰীয়া মন্দিৰ চৰকাৰে ধ্বংস কৰাক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে সাম্প্রদায়িক সংহতিৰ বার্তাসূচক কবিতা এটাই ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷ কেইবাবাৰো ৰাষ্ট্রীয় চলচ্চিত্রৰ শ্রেষ্ঠ অভিনেতাৰ বঁটাপ্রাপ্ত মনোজ বাজপেয়ীৰ কণ্ঠ আৰু বিশ্লেষক হিচাপে ২০২০ চনত প্রচাৰিত ‘ভগৱান আৰু খোদা’ শীর্ষক কবিতাটোৱে সম্প্রতি ইণ্টাৰনেটত আলোড়ন তুলিছে৷ ২ মিনিট দীঘলীয়া ‘ভগৱান আৰু খোদা’ শীর্ষক কবিতাটোত অভিনেতা মনোজ বাজপেয়ীয়ে ধর্মৰ মাজত সংঘাতক লৈ কৈছে– ‘এটা মন্দিৰ আৰু এটা মছজিদৰ মাজৰ চূড়াত বহি ভগৱান আৰু আল্লাই সাক্ষাৎ কৰি বার্তালাপ কৰিছে৷ আপুনি ক’ত কৰযোৰে আৰু মুক্তহাতে প্রার্থনা কৰিছে, সেয়া গুৰুত্বপূর্ণ নহয়৷’ মন কৰিবলগীয়া যে ২০২০ চনৰ মে’ মাহত চলচ্চিত্র নির্মাতা মিলাপ জাভেৰীয়ে মনোজ বাজপেয়ী অভিনীত এই ভিডি’টো ক’ৰোনা ভাইৰাছৰ লকডাউনৰ সময়ত প্রচাৰ কৰিছিল৷ শেহতীয়াভাৱে দিল্লী, মধ্যপ্রদেশ, গুজৰাট, কর্ণাটক আদিত ধর্মীয় সংঘাতক লৈ সৃষ্ট পৰিস্থিতিত এই কবিতাটো ইণ্টাৰনেটত প্রাসংগিক হৈ উঠিছে৷