নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়তিৰ কৰুণ পৰিহাস! পিতৃৰ সন্মুখত জ্বলি উঠিল কণমানি দুই পুত্ৰৰ চিতা

অশ্ৰুসিক্ত নয়নৰে চিৰবিদায় দিলে ইভান-ঈশানক

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ নিয়তিৰ ওচৰত হাৰ মানিলে দুই কণমানি ইভান আৰু ঈশানে। জানিব পৰা মতে অগ্নিকাণ্ডৰ সময়ত নিদ্ৰাৰত অৱস্থাত আছিল ঈশান আৰু টিভি চাই আছিল ইভানে। কিছু সময়ৰ বাবে ওপৰ মহলাৰ পৰা তললৈ নামি আহিছিল মাতৃ শিল্পী গোস্বামী আৰু বিধ্বংসী জুইকুৰা মৃত্যু হৈ আহিছিল দুই ভাতৃৰ জীৱনলৈ। পখিলা খেদাৰ বয়সতে ইহসংসাৰৰ পৰা মেলানি মাগিলে কণমানি দুটিয়ে। আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ফুলকুমলীয়া শিশুদুটিৰ।

পিতৃ তুষাৰ গোস্বামীয়ে অশ্ৰুসিক্ত নয়নৰে বিদায় দিলে কণমানি দুই পুত্ৰক। মৃতদেহৰ ওপৰত দিলে ৰঙা গোলাপ আৰু চকলেট। দপদপকৈ জ্বলি উঠাৰ চিতাৰ জুইকুৰাৰ সাক্ষী হৈ ৰ’ল পিতৃ। আজীৱন পিতৃ-মাতৃয়ে কঢ়িয়াই লৈ ফুৰিব এই জীৱন গধুৰ বেদনা। আজৰি সময়ত দুই ভাতৃয়ে খেলা ঝুলনাখন, চাইকেল দুখন হৈ পৰিব কাতৰ স্মৃতি। অতি মৰমলগা ইভান হোলী হোমৰ ছাত্ৰ আছিল স্কুলৰ ব’ৰ্ডৰ পৰা আঁতৰাই নাছিল জন্মদিনৰ শুভেচ্ছা কাৰ্ড।

 

ঈশানো আছিল অতি অমায়িক আৰু বাধ্য। আজি দুয়োখন বিদ্যালৰ শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি সকলো অভিভাৱকে অশ্ৰুসিক্ত নয়নৰে চিৰবিদায় দিলে কণমানি দুটিক। এনে দুৰ্ভাগ্যজনক ঘটনাৰ পুণৰাবৃত্তি যাতে নহয় তাৰে কামনা কৰিছে সকলোৱে।