মুম্বাই বিমানবন্দৰত অঞ্জলিৰে প্রথম সাক্ষাততে প্ৰেমত পৰিছিল শচীন তেণ্ডুলকাৰ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ শচীন তেণ্ডুলকাৰ মানেই ক্রিকেট৷ ভাৰতত ক্রিকেট যদি ধর্ম হয়, বহুতৰ মতে– শচীন সেই ধর্মৰ দেৱতা৷ সেই দেৱতাৰ ওচৰত ক্রিকেট যিদৰে প্রেম, ভালপোৱা, ধ্যান, জ্ঞান তেনেদৰে সেই দেৱতাৰ মনৰ বহু ঠাই আগুৰি আছে অঞ্জলিয়ে৷ মাত্র ১৬ বছৰ বয়সত যিজন কিশোৰে পাকিস্তানৰ খেলপথাৰত বিশ্বত্রাস পেচাৰসকলক অনায়াসে তীব্র প্রহাৰ কৰিছিল, সেই শচীনেই তেওঁৰ প্রেমিকাক বিচাৰি পাইছিল মুম্বাই বিমানবন্দৰত৷ ১৯৯০ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভ্রমণ সমাপ্ত কৰি দেশলৈ উভতি আহিছিল ১৭ বছৰীয়া শচীন৷ সেই শৃংখলাতে তেওঁ প্রথমটো টেষ্ট শতৰান অর্জন কৰিছিল৷ সেই সময়ত নিজৰ মাতৃক নিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল অঞ্জলি৷ প্রথম সাক্ষাততে দুয়োৰে মাজত অনুৰাগৰ সৃষ্টি হ’ল৷ সেই সময়ত তেওঁলোক অপৰিচিত আছিল যদিও পৰৱর্তী সময়ত এজন বন্ধুৰ স’তে দুয়োৰে চিনাকি হয়৷ অঞ্জলিয়ে জনাইছিল যে বিমানবন্দৰত শচীনক দেখা পোৱা সময়ত তেওঁ চিনি পোৱা নাছিল ভাৰতীয় ক্রিকেটৰ বিস্ময় বালকক৷ দেশৰ হৈ শতৰান অর্জন কৰাৰ পিছতো অঞ্জলিৰ বাবে অপৰিচিত আছিল শচীন৷ বয়সত শচীনতকৈ ছবছৰ ডাঙৰ অঞ্জলি৷ পেছাত তেওঁ এগৰাকী চিকিৎসক৷ পঢ়া–শুনাত ব্যস্ত থকা অঞ্জলিয়ে ক্রিকেটৰ প্রতি আগ্রহ দেখুওৱা নাছিল৷ শচীনৰ সৈতে প্রেমপর্ব চলি থকাৰ সময়ত এবাৰ তেওঁলোকে চিনেমা চাবলৈ গৈছিল৷ জনপ্রিয় শচীনে সেইদিনা মুখত লগাইছিল নকল দাড়ি আৰু চকুত আছিল চশমা৷ বিৰতিৰ সময়ত হঠাতে চশমা খুলি যোৱাত সকলোৱে তেওঁক চিনি পোৱাত আধা চোৱাকৈ চলচ্চিত্র গৃহ ত্যাগ কৰিবলগীয়া হৈছিল৷ পাঁচ বছৰীয়া প্রেমৰ অন্তত ১৯৯৫ চনত শচীন আৰু অঞ্জলি বিবাহপাশত আবদ্ধ হয়৷ অৱসৰৰ পিছত তেওঁলোক বান্দ্রাৰ ঘৰত থাকে৷ তেওঁলোকৰ লগত থাকে পুত্র অর্জুন আৰু কন্যা ছাৰা৷ অঞ্জলিৰ মতে, ‘শচীনক মই খুব ভালদৰে বুজি পাওঁ৷ মই শচীনৰ প্রেমিকা বা পত্নী যিয়েই নহওঁ, আমাৰ সম্পর্ক একেই আছে৷’