নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ানৰ আক্রমণাত্মক বেটিঙেৰে জয় ৰাজস্থানৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ অসম সন্তান ৰিয়ান পৰাগৰ মাৰমুখী বেটিং আৰু চমকপ্রদ ফিল্ডিঙৰ সহায়ত ৰাজস্থান ৰয়েলছে চলিত আই পি এলত মঙলবাৰে গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷ পুনেত অনুষ্ঠিত মেচখনত ৰাজস্থানে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুক ২৯ ৰানত পৰাস্ত কৰে৷ মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ১৪৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কুলদীপ সেন, অশ্বিন আৰু প্রসিদ্ধ কৃষ্ণৰ দুর্দান্ত বলিঙৰ সন্মুখত বাংগালুৰুৱে ১৯.৩ অ’ভাৰত ১১৫ ৰানহে কৰে৷ দলটোৰ হৈ অধিনায়ক ডু প্লেচিছে সর্বাধিক ২৩ ৰান কৰে৷ কোহলিয়ে ৯, মেক্সৱেলে ০, দীনেশ কার্তিকে ৬ ৰানহে কৰে৷ ৰাজস্থানৰ হৈ কুলদীপ সেনে চাৰিটা, অশ্বিনে তিনিটা আৰু প্রসিদ্ধই দুটা উইকেট লয়৷ মেচখনত ৰিয়ান পৰাগে চাৰিটাকৈ কেচ ধৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ৰিয়ান পৰাগৰ বিস্ফোৰক অপৰাজিত অর্ধশতকৰ সহায়ত ৰাজস্থানে নির্ধাৰিত ২০ অ’ভাৰত ৮ উইকেটত ১৪৪ ৰান কৰে৷ ৰিয়ানে ৩১টা বলত তিনিটা চাৰি আৰু চাৰিটা ছয়েৰে ৫৬ ৰানৰ মাৰমুখী ইনিংছ খেলে৷ অধিনায়ক সঞ্জুৱে ২৭, অশ্বিনে ১৭ আৰু ডাৰেল মিচেলে ১৬ ৰান কৰে৷ বাটলাৰে ৮ আৰু দেৱদত্ত পাড়িকালে ৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ উল্লেখ্য যে ৰাজস্থানে ৮খন মেচ খেলি ছখনত জয় আৰু দুখনত পৰাস্ত হৈ ১২ পইণ্টেৰে শীর্ষস্থানলৈ উন্নীত হয়৷

You might also like