নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ৭টা কর্কট কেন্দ্রৰ শুভ উদ্বোধন-৭টা কর্কট কেন্দ্রৰ আধাৰশিলা স্থাপন প্রধানমন্ত্রীৰঃ প্রধানমন্ত্রীৰ সাহস আৰু প্রেৰণাৰে অসমে প্রগতিৰ দিশত নতুন গতিৰে আগুৱাই যাবলৈ সক্ষম হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত ১৭ খন চিকিৎসালয়ৰ সৈতে দক্ষিণ এছিয়াৰ একক সর্ববৃহৎ সুলভ কর্কট ৰোগজনিত সেৱাৰ নেটৱর্ক উপলব্ধকৰণৰ উদ্দেশ্যেৰে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বন্দৰ, জাহাজ আৰু জলপথ, আয়ুস দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত আজি অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদত ডিব্রুগড় কর্কট কেন্দ্রৰ শুভ উদ্বোধন কৰে৷ ইয়াৰ পিছতে ডিব্রুগডৰ খনিকৰত আয়োজিত বিশাল জনসমাৱেশত বুটাম টিপি ভার্ছুৱেলী প্রধানমন্ত্রীয়ে বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু লখিমপুৰ কর্কট কেন্দ্র উদ্বোধন কৰাৰ লগতে গোৱালপাৰা, ধুবুৰী, নগাঁও, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া আৰু নলবাৰীত কর্কট কেন্দ্রৰ আধাৰশিলা স্থাপন কৰে তথা বিশাল জনসমুদ্রক সম্বোধি ভাষণ প্রদান কৰে৷ উল্লেখ্য যে অসম চৰকাৰ আৰু টাটা ড্রাষ্টৰ এক যৌথ পদক্ষেপত এই কর্কট কেন্দ্রসমূহ স্থাপন কৰা হৈছে৷ এই কর্কট কেন্দ্রসমূহত কেমথেৰাপী, ৰবটিক ছার্জাৰী, বন মেৰ ড্রান্সপ্লাণ্ঢ, ডায়গ্ণষ্টিক এণ্ড এডভান্স ইমেজিং নিউক্লিয়াৰ মেডিচিন, ষ্টেম–চেল ৰিছার্চৰ দৰে সা–সুবিধাসমূহ সন্নিৱিষ্ট কৰা হৈছে৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আজি অসমৰ জাতীয় জীৱনৰ বাবে গৌৰৱময় দিন৷ ডিব্রুগড়ত কর্কট কেন্দ্র উদ্বোধন কৰাৰ লগতে অন্য ৬টা কর্কট কেন্দ্র উদ্বোধন কৰাৰ লগতে আন ৭টা কর্কট কেন্দ্রৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কর্কট চিকিৎসাৰ ক্ষেত্রত এক নতুন যুগৰ সূচনা কৰিলে৷ আধুনিক চিকিৎসাৰ উপলব্ধ হবলগীয়া এই চিকিৎসালয়সমূহে অকল ৰাজ্যখনৰে নহয়, দেশৰ অন্যান্য প্রান্তৰ লগতে দক্ষিণ এছিয়াৰ কর্কট ৰোগীসকলকো সেৱা আগববাবলৈ সক্ষম হব বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ২০১৮ চনত টাটা ড্রাষ্টৰ সৈতে অসম চৰকাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে৷ এই চুক্তি অনুসৰি অসম চৰকাৰ আৰু টাটা ড্রাষ্টৰ সমংশীদাৰিত্বৰে কেন্সাৰ কেয়াৰ ফাউণ্ডেচন গঠন কৰা হয়৷ সমগ্র ৰাজ্যখনকে সামৰি কেন্সাৰ চিকিৎসাৰ এক সুসংহত আন্তঃগাঁথনি গিিবলৈ ১৭ খন কেন্সাৰ চিকিৎসালয় স্থাপনৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই প্রকল্প ৰূপায়ণৰ বাবে অসম চৰকাৰে ২৭৬৬ কোটি টকা আগবেোৱাৰ বিপৰীতে টাটা ড্রাষ্টে ১১৫৩ কোটি টকাৰ বৰঙণি আগববাইছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে টাটা ড্রাষ্টৰ অধ্যক্ষ ৰতন টাটাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসম তথা উত্তৰ পূর্বাঞ্চলক প্রতিটো দিশতে আগুৱাই নিয়াৰ বাবে নতুন গতি, প্রেৰণা আৰু সাহস যোগাইছে৷ ৰাজ্যখনত বর্তমানে থকা ৮ খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি আন ৮ খন চিকিৎসা মহাবিদ্যালয় নির্মাণ কৰি থকা হৈছে আৰু ৮ খন চিকিৎসা মহাবিদ্যালয়ৰ অনুমোদন জনোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে যি ২৪ খন চিকিৎসা মহাবিদ্যালয় নির্মাণ হব সেয়া প্রধানমন্ত্রীৰ প্রেৰণাৰ বাবে সম্ভৱ হৈছে৷ কভিড মহামাৰীৰ বিৰুদ্ধে অতি কম সময়ৰ ভিতৰতে স্বাস্থ্য আন্তঃগাঁথনি গিি তোলাৰ লগতে সবলভাৱে কভিড প্রতিৰোধী যুঁজখনত আগবািি যোৱাৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা লাভ কৰা পৰামর্শ আৰু কেন্দ্রীয় চৰকাৰৰ সহায়–সহযোগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ভেকচিন, অক্সিজেন, আইচিইউ, ঔষধকে ধৰি বিভিন্ন ক্ষেত্রত আগবেোৱা সহায়ৰ বাবেও প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে অসম তথা উত্তৰ–পূর্বাঞ্চলক গিি তোলাৰ দিশত আকাশীপথ, স্থলপথ আৰু জলপথৰ উন্নয়ন সাধনৰ বাবে কেন্দ্রীয় চৰকাৰে আগবেোৱা সহযোগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ ফলত সমগ্র অঞ্চলটোৱে আজি বিকাশৰ এক নতুন পর্যায় লাভ কৰিবলৈ সক্ষম হৈছে৷ পূর্বতে অসমত কর্কট ৰোগীসকলে ভেল্লোৰ, মুম্বাই আদি ঠাইলৈকে যাবলগীয়া হৈছিল৷ আজি এই নতুন পদক্ষেপৰ ফলত অত্যাধুনিক কর্কট ৰোগৰ চিকিৎসা সেৱা ৰাজ্যখনতে উপলব্ধ হব বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ জাতীয় জীৱনৰ অমৰ নায়ক মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী এই বছৰৰ শেষৰ ফালে ৰাজ্য চৰকাৰে ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই অনুষ্ঠানলৈ মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীক আমন্ত্রণ জনায়৷ ৰাজ্যখনত অধিক উন্নত চিকিৎসা সেৱা সুনিষ্চিতকৰণৰ লক্ষ্যৰে গুৱাহাটীৰ সমীপৱর্তী চাংসাৰিত নির্মাণ কৰি থকা এইমছ চলিত বর্ষৰ নৱেম্বৰ মাহত সম্পূর্ণ হৈ উঠিব বুলি উল্লেখ কৰি এই অনুষ্ঠান উদ্বোধন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীক অনুৰোধ জনায়৷ অসমক লৈ তেওঁ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে নৱজাগৰণৰ সূচনা কৰিবলৈ ৰাজ্যখনে যাত্রা আৰম্ভ কৰিছে৷ ভাৰতৰ উন্নত ৰাজ্যসমূহৰ শিখৰত যাতে অসমে স্থান লাভ কৰিব পাৰে সেই লক্ষ্যৰে কাম কৰি থকা হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু টাটা ড্রাষ্টৰ অধ্যক্ষ ৰতন টাটাইও অনুষ্ঠানত ভাষণ প্রদান কৰে৷ আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় প্রাকৃতিক গেছ আৰু পেড্রলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈ, টাটা ছনচৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখৰ, কেইবাগৰাকী মন্ত্রী, সাংসদ, বিধায়ক প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকলো উপস্থিত থাকে৷

You might also like