নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভ হল ডিব্ৰুগড় কেঞ্চাৰ হাস্পতালঃ পুৱাৰে পৰা অগণন ৰোগীৰ ভিৰঃ আয়ুস্মান, অটল অমৃত কাৰ্ড আৰু বিপিএল ৰোগীৰ বাবে বিনামূলীয়া সেৱা

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ডিব্ৰুগড়ৰ কেঞ্চাৰ কেয়াৰ হাস্পতালৰ লগতে ৰাজ্যৰ আন ছখন কেঞ্চাৰ হাস্পতালৰ শুভ উদ্বোধন কৰাৰ পাছত আজিৰে পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে কৰ্কট চিকিৎসা সেৱা।আজি পুৱাৰে পৰা উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্কট ৰোগীয়ে ডিব্ৰুগড় কেঞ্চাৰ কেয়াৰ কেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হয়।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ যৌথ উদ্যোগত নিৰ্মিত অত্যাধুনিক কেঞ্চাৰ হাস্পতালৰ চিকিৎসা সেৱা আৰম্ভ হোৱাৰ লগে লগে দুৰাৰোগ্য কেঞ্চাৰ ৰোগী সকলেৰ যথেষ্ট সকাহ লাভ কৰিছে।য’ত দুখীয়া, দৰিদ্ৰ লোকসকলে সু-চিকিৎসাৰ বাবে পূৰ্ব্বে ভেলুৰ, মুম্বাই তথা বহিঃ ৰাজ্যলৈ বহু কষ্টৰ মাজেৰে উন্নত চিকিৎসা বাবে গৈছিল।কিন্তু এতিয়া এই চিকিৎসা সেৱা যেন ঘৰৰ পদুলিত।লেভেল-২ হিচাপে পৰিগণিত ডিব্ৰুগড়ৰ কেঞ্চাৰ হাস্পতালত দেশৰ উন্নত চিকিৎসা প্ৰতিষ্ঠানত থকা উন্নত প্ৰযুক্তিৰ জৰিয়তে চিকিৎসা প্ৰদান কৰাৰ লগতে অস্ত্ৰোপচাৰ, ৰেডিয়েশ্বন,ৰবটিক অস্ত্ৰোপচাৰ, হাড়ৰ মজ্জা সংৰোপন,নিউক্লিয়াৰ মেডিচিন,ষ্টেম-চেল গৱেষণা আৰু পিজি শিক্ষণ আৰু প্ৰশিক্ষণৰ সুবিধা থাকিব।আনহাতে আয়ুসমান আৰু অটল অমৃত কাৰ্ড আৰু বিপিএল ৰোগীৰ বাবে বিনামূলীয়া হোৱাৰ লগতে অন্যান্য কেঞ্চাৰ ৰোগীসকলেও সহজ আৰু সুলভ মূল্যত চিকিৎসা সেৱা লাভ কৰিব বুলিও জানিব পৰা গৈছে।বহু প্ৰত্যাশিত ডিব্ৰুগড়ৰ ৩০০খন বিছনা যুক্ত কেঞ্চাৰ চিকিৎসালয়ৰ সেৱা আজিৰে পৰা আৰম্ভ হোৱাত উজনি অসমৰ লগতে অসমৰ প্ৰতিৱেশী ৰাজ্য অৰুনাচল আৰু নাগালেণ্ডৰ ৰোগীও এই সেৱাৰ পৰা উপকৃত হব।সকলো উন্নত চিকিৎসা বৰ্তমান কৰা হব যদিও অৱশ্যে অত্যাধুনিক পেট চিটি স্কেনৰ ব্যৱহাৰৰ বাবে চৰকাৰৰ পৰা অনুমতি পালেই উক্ত সেৱা ৰোগীৰ বাবে উপলব্ধ কৰা হব বুলি ডিব্ৰুগড়ৰ কেঞ্চাৰ কেন্দ্ৰৰ সঞ্চালক ডাঃ নৱজ্যোতি চৌধুৰীয়ে সাংবাদিকৰ আগত সদৰী কৰে।অহা জুন মাহৰ পৰা উক্ত সুবিধা হব বুলি সঞ্চালকে আশা প্ৰকাশ কৰে।তেওঁ কয় যে এই হস্পিতালত বিশ্বমানৰ চিকিৎসা সেৱা লাভ কৰিব।বৰ্তমানে সকলো আন্তঃগাঠনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগতে কাৰিকৰী আৰু অকাৰিকৰী লোকক বিভিন্ন ক্ষেত্ৰত নিয়োগ কৰা হৈছে।বৰ্তমানে কেম’থেৰাপি,চেলিয়েটি,হেড এণ্ড নেক চাৰ্জাৰী আৰু লেৱৰেটৰী সেৱা আৰম্ভ হৈছে।পেট চিটি স্কেন চৰকাৰী(এটমিক এৰ্নাজী ৱৰ্ড)অনুমতিৰ বাবে কৰিব পৰা হোৱা নাই যদিও ৰেডিয়েচনৰ কাম চলি আছে আৰু বহিঃবিভাগ পূৰ্ণদ্যমে চলি আছে।তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী স্থানীয় বুলি উল্লেখ কৰি সকলো নিযুক্তি প্ৰক্ৰিয়া এজেঞ্চীৰ জৰিয়তে হোৱা বুলি সঞ্চালক গৰাকীয়ে উল্লেখ কৰে।টেকনিকেল চিকিৎসক বা নিউক্লিয়াৰ চিকিৎসক ডাঃ নিতিন মধ্যপ্ৰদেশৰ ইন্দোৰ পৰা আহি যোগদান কৰিছে।অসমত এনে চিকিৎসক নাই বুলি সদৰী কৰি ৰেডিয়েচন চেফটি অফিচাৰজনো বাহিৰৰ পৰা অনা হৈছে।যিহেতু এই হস্পিতালত অসম চৰকাৰৰ ৫০ শতাংশ আৰু টাটা ট্ৰাষ্টৰ ৫০ শতাংশ আছে,সেয়ে ইয়াৰ চিকিৎসা সেৱাৰ বাবদ ৰোগীয়ে চেন্ট্ৰেল গৰ্ভমেন্ট হেল্থ চাৰ্ভিচৰ নিৰিখ অনুযায়ী ব্যয় কৰিব লাগিব।কিয়নো কেঞ্চাৰৰ চিকিৎসা ব্যয় বহু বেছি সেয়ে কেইটামান আঁচনিৰ লোককহে অলপ বিনামূলীয়া হব সঞ্চালকে কয়।নিউক্লীয়াৰ মেডিচিনৰ বিশেষজ্ঞ তথা মুৰব্বী অধ্যাপক ডাঃ নিতীনে কয় যে এই পেট চিটি স্কেন অসমৰ ভিতৰতে শ্ৰেষ্ঠ আৰু ইয়াৰ জৰিয়তে ৰোগীৰ কৰ্কট ৰোগ ধৰা পৰাৰ লগতে ৰোগীৰ শৰীৰৰ কোনো কোন অংশত বিয়পি পৰিছে সেয়া ধৰা পেলাব পাৰি।ডিব্ৰুগড়ত সংস্থাপিত হোৱা এই মেচিন সৰ্ব্বশ্ৰেষ্ঠ আৰু বিশ্বমানদণ্ডৰ।সেয়ে ইয়াৰ পৰা ৰোগীয়ে সুচিকিৎসা লাভ কৰিব–ডাঃ নিতীনে কয়। ডিব্ৰুগড়ৰ কেঞ্চাৰ কেয়াৰ হস্পিতালত  চিকিৎসক,বিশেষজ্ঞ,টেকনেচিয়ান,নাৰ্চ সহ মুঠ ১৫০ গৰাকীক ইতিমধ্যেই নিযুক্তি দিয়া হৈছে।ইতিমধ্যে বাহিৰৰ কেইবাজনো বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিয়া হৈছে।২৪ ঘণ্টাই ৰোগীয়ে চিকিৎসা সেৱা পাব বুলিও উল্লেখ কৰে সঞ্চালক গৰাকীয়ে।বৰ্তমানে ১৮০ খন বিছনা যদিও শীঘ্ৰে ৩০০ লৈ উন্নিত হোৱাৰ বিষয়েও জানিবলৈ দিয়ে।স্বাভাৱিকতেই সমগ্ৰ উত্তৰ পূবাঞ্চলৰ কেঞ্চাৰ ৰোগীলৈ এয়া এক ইতিবাচক সুখবৰ।

প্ৰেৰক বিভাস দুৱৰা

You might also like