নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ৰাজ্যৰ বিশিষ্ট সাংবাদিক যদু কাকতিলৈ আগবঢ়োৱা হৈছে গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২০ । ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সাংবাদিকগৰাকীক এই বঁটা প্রদান কৰিব ৷ তথ্য আৰু জনসংযোগৰ সৌজন্যত প্রদান কৰা এই বঁটাত আছে ১ লাখ টকা, প্রশক্তি পত্র, শৰাই, এৰী চাদৰ আৰু গামোচা ৷ শিৱসাগৰ জিলাৰ নামতিত ১৯৩২ চনৰ ২৭ মার্চত জন্মগ্রহণ কৰা কাকতিয়ে ষাঠীৰ দশকতে সাংবাদিকতাৰ জগতখনত পদার্পণ কৰে ৷ অধুনালুপ্ত ‘অসম বাতৰি’ত জ্যেষ্ঠ সহঃ সম্পাদক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰা যদু কাকতিয়ে ‘সাপ্তাহিক নীলাচল’ আৰু ‘অগ্রদূত’ কাকতত সহকাৰী সম্পাদক হিচাপে কাম কৰাৰ লগতে ‘দৈনিক জনমভূমি’ৰ মুখ্য প্রতিবেদক (গুৱাহাটী) হিচাপেও কর্মৰত আছিল ৷ বিভিন্ন সাংবাদিক সংগঠনৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ থকা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে গুৱাহাটী সাংবাদিক সংস্থা, গুৱাহাটী প্রেছ ক্লাব, অসম বিধানসভাৰ সাংবাদিক কমিটী, সাংবাদিক কর্ম পৰিষদ, অসমৰ সভাপতিৰ পদ অলংকৃত কৰিছিল৷ তদুপৰি অসমৰ বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্যাপন সমিতি, বডোফা উপেন্দ্রনাথ ব্রহ্ম সোঁৱৰণী সাংবাদিক অতিথিশালা নির্মাণ সমিতি, মিডিয়া ট্রাষ্ট, অসম ইত্যাদিৰ সৈতেও তেওঁ জড়িত ৷ সাংবাদিকতাৰ বাবে ৰাজ্য চৰকাৰে প্রদান কৰা সাহিত্যিক পেন্সন লাভ কৰা কাকতিৰ ‘সেই দিন এই দিন’ নামৰ প্রবন্ধ সংকলন ২০০৭ চনত প্রকাশ পায় ৷ সুদীর্ঘ সাংবাদিকতা জীৱনত যদু কাকতিয়ে বিভিন্ন সংগঠনৰ দ্বাৰা তেওঁৰ কর্মজীৱনৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত ২০১০ চনত শ্বহীদ কমলা শইকীয়া ন্যাস, ২০১২ চনত আপকু, ২০১৫ চনত জার্নেলিষ্ট এছ’চিয়েচন, ২০১৩ চনত সাদিন কাকতৰ ৰূপালী জয়ন্তী বর্ষৰ উদ্বোধনী অনুষ্ঠানত তেওঁক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয় ৷ বর্তমান যদু কাকতি মুক্ত সাংবাদিক হিচাপে কর্মৰত ৷