নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াঃ জাহ গ’ল বহু পৰিয়ালৰ ভেটি-মাটিঃ কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ

নিয়মীয়া বাৰ্তা, ৯ মে’: ৰঙিয়াৰ হাচানটুকত বৰলীয়া নৈৰ ভয়াৱহ খহনীয়াৰ বাবে সংকটত পৰিছে অঞ্চলটোৰ ৰাইজ । ইতিপূৰ্বে প্ৰবল খহনীয়াৰ বাবে বহু পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে নৈৰ বুকুত । আনকি গাঁওখনৰ মূল পথটোও খহনীয়াৰ বাবে জাহ গৈছে । বৰ্তমানেও বহুকেইটা পৰিয়ালৰ ঘৰ জাহ যোৱাৰ উপক্ৰম হৈছে । এনে ভয়াবহ খহনীয়াৰ বাবে আতংকিত গঞাই বিনিদ্ৰ ৰজনী কটাব লগা হৈছে । ইমানৰ পিছতো কানসাৰ নাই জলসম্পদ বিভাগৰ । ইতিমধ্যে বৰলীয়া নৈৰ উক্ত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰন কৰিছে । বহু পৰিয়ালৰ কেইবা হাজাৰ বিঘাৰ কৃ্ষিভূমি আৰু বহু মূল্যবান গছ-গছনি নৈত বিলীন হৈ গৈছে । অঞ্চলটোৰ শতাধিক পৰিয়ালৰ জীৱন-জীৱিকাকলৈ গভীৰ সংকট কঢ়িয়াই অনা বৰলীয়া নৈৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । শীঘ্ৰে নৈৰ খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মতভাৱে উপযুক্ত ব্যৱস্থা লবলৈ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like