জিএমচিৰ হৃদ-বক্ষ-স্নায়ু চিকিৎসা কেন্দ্ৰৰ কাম-কাজ আৰম্ভ, সন্তোষ প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাৰ
বিশেষ বাৰ্তা, ১০ মেঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক ফল্লেখণীয় সংযোজন হিচাপে কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত হৃদ-বক্ষ আৰু স্নায়ু চিকিৎসাৰ ৩০০খন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটী হাস্পাতালখন উদ্বোধন কৰে। উদ্বোধনৰ পাছতে আজি পুৱাৰে পৰা নতুন কেন্দ্ৰৰ বহিঃবিভাগৰ কাম-কাজ আৰম্ভ হৈছে। তাৰেই এখন ফটো নিজৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰি খুবেই আনন্দিত বুলি জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে লিখিছে যে এয়া ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে মাইলৰ খুঁটি। চিকিৎসাৰ প্ৰয়োজন হোৱা বহু লোকে ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলিও তেওঁ দোহাৰিছে। উল্লেখণীয় যে, ৰাজ্যৰ স্বাস্থ্যখণ্ডক এক বিশেষস্থানলৈ নিয়াৰ ক্ষেত্ৰত প্ৰথমে স্বাস্থ্যমন্ত্ৰী হিচাপে আৰু বৰ্তমানে মুখ্যমন্ত্ৰী হিচাপে ডঃ শৰ্মাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।