নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনৰ আৰম্ভণিঃ গৃহমন্ত্ৰীয়ে ৰোপন কৰিলে গছপুলি

বিশেষ বাৰ্তা, ১০ মেঃ A Year..Many Miles to Go…
আজি বৰ্তমানৰ অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি। এই সময়ত অসম ভ্ৰমণতে আছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ কালি কেবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত আজি বৰ্ষপূৰ্তি উদযাপন আৰু কেবাটাও আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে। কেন্দ্ৰীয় বিজেপি আৰু ৰাজ্য চৰকাৰে সুকীয়াকৈ আয়োজন কৰিছে কাৰ্যসূচী। ইয়াৰ মাজতে আন এক নতুনৰ আৰম্ভণি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰোপন কৰিলে গছপুলি। তেওঁক সহযোগ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। টুইটাৰ আৰু ফেচবুকত তেওঁৰ নেতৃত্বত চলা চৰকাৰখনৰ এবছৰ উদযাপনৰ কথা লিখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like