লোকশিল্পী, সংস্কৃত পণ্ডিত ড° কৃষ্ণকান্ত সন্দিকৈৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ১০মেঃ শিৱসাগৰ জিলাৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ মূৰব্বী উপাধ্যক্ষ ড° কৃষ্ণকান্ত সন্দিকৈ আজি পুৱতি নিশা জাঁজী জামুগুৰিৰ নিজ বাসগৃহত শ্বাস প্ৰশ্বাস জনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। ১৯৪৪ চনৰ যোৰহাট জিলাৰ তামুলিছিগাত জন্মগ্ৰহণ কৰা ড° কৃষ্ণ কান্ত সন্দিকৈয়ে তামুলিছিগা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি জাঁজী উচ্চ ইংৰাজী বালক বিদ্যালয়ৰ পৰা ১৯৬২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬৬ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। একেবছৰতে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত সংস্কৃত বিভাগৰ প্ৰৱক্তা হিচাপে যোগদান কৰি মহাবিদ্যালয়খনৰ উপাধ্যক্ষ হিচাপে ২০০৩ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৯৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ” ভাৰতীয় সাহিত্যত উৰ্বশী আৰু পুৰুৰৱাৰ কাহিনী- এটি অধ্যয়ণ” শীৰ্ষক গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে। জাঁজী শাখা সাহিত্য সভাৰ সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সদস্য, দুৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী, বকুল বন বটাঁ, “শিল্পী গুৰু” আউনীআটী সত্ৰৰ দিহানামৰ ওজা সন্মানেৰে সন্মানিত, ৰঙামুৱা বীৰ বটাঁপ্ৰাপক, গণশিল্পী ভূপেন বৰা লোকশিল্পী বটাঁপ্ৰাপক ড° সন্দিকৈৰ বিয়োগৰ বাতৰি পোৱাৰ লগে লগে অসংখ্য গুণমূগ্ধই শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয়। শিল্পীগুৰু গৰাকীৰ বাসগৃহত আয়োজিত ,প্ৰতাপ বৰুৱা আৰু জীৱমণি নাথে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়,জাঁজী উঃমাঃ বিদ্যালয়, জাঁজী বালিকা উঃমা বিদ্যালয়, জাঁজী প্ৰেছ ক্লাৱ,জাঁজী সংস্কৃত টোল,জাঁজী শাখা সাহিত্য সভা, শিৱসাগৰ জিলা সাহিত্য সভা, অসম সাহিত্য সভা, শিৱসাগৰ যুব দল, আমগুৰি বান্ধৈ ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ কলা কৃষ্টি কেন্দ্ৰ নামঘৰ সমিতি, চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন,জাঁমুগুৰি, জাঁজী জামুগুৰি যজ্ঞ মন্দিৰ পৰিচালনা সমিতি, জাঁজী নাট্য সমাজ কলা ভৱন, সদৌ অসম কবি চক্ৰ, জাঁজী শাখা,জাঁজী নাট্য সমাজ কলা ভৱন,ইউৰো কিডচ স্কুল, জামুগুৰি, খনামুখ প্ৰেছ ক্লাৱ,চাৰিঙ্গীয়া পুৰণিমেলীয়া মধ্য অসমীয়া বিদ্যালয়, ফুলপানীছিগা আঞ্চলিক পুথিভঁৰাল আৰু যুব কেন্দ্ৰ, জাঁজী আঞ্চলিক শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোসৱ সমিতি, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন,জাঁজী-জামুগুৰি, দিখৌমুখ মহাবিদ্যালয়, অগপ, ম’ৰাবজাৰ আঞ্চলিক সমিতি,অগপ হাতীঘূলি আঞ্চলিক সমিতি, শিমলুগুৰি মৌজা শংকৰদেৱ কৃষ্টি সংঘ, ম’ৰাবজাৰ গাওঁ পঞ্চায়ত, সদৌ অসম উচচতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰীৰ সন্থা, হাতীঘূলি গাওঁ পঞ্চায়ত, জামুগুৰি প্ৰাথমিক বিদ্যালয়, জাঁজী পৰীয়া বিহু দল, মৰাণছিগা মৃদঙ্গীয়া গায়ন বায়ন সংস্থা, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থা, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, জাঁজী আঞ্চলিক সমিতি, জাঁজী শিল্প মধ্য ইংৰাজী বিদ্যালয়, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়,টীয়ক, শিৱসাগৰ জিলা কংগ্ৰেছ কমিতি, জামুগুৰি ফুটবল কচিং ক্লাৱ, জাঁজী আঞ্চলিক ছাত্ৰ সন্থা, সোণতলীছিগা কলা কৃষ্টি কেন্দ্ৰ, আদ্যদেউপানী সত্ৰ, খনামুখ, অসম যুব পৰিষদ, শিৱসাগৰ জিলা সমিতি, শিৱসাগৰ জিলা ছাত্ৰ সন্থা ,ত্ৰিলোচন সাংস্কৃতিক মঞ্চকে ধৰি একাধিক অনুষ্ঠানে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পাছতেই সংস্কৃত পণ্ডিত গৰাকীৰ শৱ দেহ এখন পুস্প সজ্জিত ৰথত জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়লৈ নিয়া হয় ৷ ইয়াতেই মহাবিদ্যালয় অধ্যক্ষ ড° মানজিৎ গগৈ, উপাধ্যক্ষ কুন্দিল কুমাৰ মুদৈ, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল,ছাত্ৰ-ছাত্ৰীৰ উপৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষদ্বয় ৰজনীকান্ত গোস্বামী,ড° অনিল কুমাৰ গগৈ ,অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ড° অনুপমা মহন্তই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশিষ্ট সংস্কৃত পণ্ডিত গৰাকীয়ে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ণ কৰি থকা কালৰে পৰা বৰ্তমানলৈকে অসমৰ প্ৰায়বোৰ বাতৰিকাকত, আলোচনীৰ লগতে বিভিন্ন স্মৃতিগ্ৰন্থত।পাঁচশৰো অধিক চিন্তা গধুৰ প্ৰৱন্ধৰে অসমৰ জাতীয় কৃষ্টিৰ সংস্কৃতিৰ বৰঘৰক চহকী কৰা ড° সন্দিকৈবহেব্ৰহ্মাণ্ডক ভেদি, শৰতৰ পূৰ্ণিমা জোনাক ৰাতি(দিহা নামৰ সংকলন) মধুৱাতা ঋতায়তে(প্ৰৱন্ধ সংকলন) উল্লেখযোগ্য গ্ৰন্থ ৷ ড° সন্দিকৈৰ বিয়োগত , আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মুজিদ আলি, সদৌ অসম আধ্যাত্মিক শিল্পী সমাজ, ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ, শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এচোছিয়েছন প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। জাঁজী সামাজিক,শৈক্ষিক তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই গৰাকী সংস্কৃতিৰ সাধক গৰাকীক ২০২১ চনৰ ১২ ফেব্ৰুৱাৰীত জাঁজী শাখা সাহিত্য সভাৰ উদ্যোগত জাঁজী নাট্য সমাজ কলা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জাঁজীবাসী ৰাইজে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে লোকৰত্ন নামকৰনেৰে এখনি অভিনন্দন গ্ৰন্থ উপহাৰ দিছিল ৷ প্ৰয়াত সন্দিকৈয়ে মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুজন পুত্ৰ, বোৱাৰী,এক মাত্ৰ কন্যা বিশিষ্ট কবি তথা জাঁজী পৰীয়া বিহু দলৰ প্ৰতিষ্ঠাতা কুন্তলা কল্যাণী সন্দিকৈকে ধৰি নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে ৷
প্ৰেৰক মৃগাংক হাজৰিকা