লাহৰীঘাটত শীৰ্ষ আৰক্ষী বিষয়াৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ যুৱক
নিয়মীয়া বাৰ্তা, ১০ মে`: মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন যুৱক । গোচৰৰ পৰা নাম কৰ্তন কৰা কথা কৈ আৰক্ষীৰ হৈ ধন দাবী কৰিছিল আজাহাৰুল ইছলাম নামৰ যুৱকজনে । লাহৰীঘাট থানাৰ অন্তৰ্গত ভূঞাবাৰী পথাৰ গাঁৱৰ চাৰিজন লোকৰ প্ৰত্যকৰ পৰা বিছাৰিছিল ডেৰ লাখকৈ টকা ।যোৱা নিশা বিছৰা ধন নিবলৈ আহি ধুপগুৰি চাৰি আলীত ৰাইজৰ হাতত আটক হয় আজাহাৰুল ইছলাম । ধৃত যুৱক আজাহাৰুল ইছলামৰ ঘৰ । বোৱালগুৰি গাঁৱত । আজাহাৰুলে মৰিগাঁৱৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ নামত ধন দাবী কৰা বুলি অভিযোগ উঠিছে । উল্লেখ্য যে মৰিগাঁও জিলাত চলি থকা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ হৈ চোৰাংচোৱা হৈ কাম কৰা আজঅহাৰুল এই কাণ্ডই সৰ্বত্ৰে ৰহস্যৰ সৃষ্টি কৰিছে ।আনহাতে ধৃত যুৱকজনৰ নগদ ৪২৫০০ টকা জব্দ কৰে আৰক্ষীয়ে ।জিলাৰ কোন গৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ হৈ ধন দাবী কৰিছে ,এইলৈ লাহৰীঘাটত সৰৱ চৰ্চা চলিছে ।
প্ৰেৰক আবুল কালাম