উত্তৰবংগ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কমতাপুৰ ৰাজ্যপুনৰ গঠনৰ দাবী কেপিপিৰ
নিয়মীয়া বাৰ্তা, ১৬ মে: কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি) ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে কয় যে ভাৰতীয় সংবিধানৰ Article 3 প্ৰয়োগ কৰি অচিৰেই ভাৰত চৰকাৰক উত্তৰবংগ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন কৰাৰ দাবী উত্থাপন কৰে। কে পি পিৰ সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় যে পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন আন্দোলন শোষিত, নিপীড়িত আৰু বঞ্চিত কামতাপুৰী জনতাৰ সংগ্ৰাম । দেশ স্বাধীন হোৱাৰ পিছত দশক ধৰি কামতাপুৰী জনগণে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে । এই আন্দোলনক অসম আৰু পশ্চিমবংগ চৰকাৰে সদায়েই দমন নীতিৰে মষিমূৰ কৰিবলৈ প্ৰয়াস চলাই আহিছে । গতিকে কেন্দ্ৰীয় চৰকাৰে কামতাপুৰী জনতাৰ স্বকীয় স্বত্তা, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অচিৰেই ভাৰতীয় সংবিধানৰ তিনি নং ধাৰা অনুসাৰে পৃথক কামতাপুৰ ৰাজ্য পুণৰগঠণৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে । লগতে সাধাৰণ সম্পাদক গৰাকীয়ে সংবিধানৰ তিনি নং ধাৰাত কি লিখা আছে সেয়াও বিস্তাৰিত ভাবে উল্লেখ কৰে-
Article 3 of the Indian constitution.
Formation of New states and alteration of areas, boundaries or names existing states.
The Union and its Territory / Article 3.
Parliament may by law-
a) Form a new State by separation of territory from any State or by uniting two or more states or parts of States or by uniting any territory to a part of any State.
b)Increase the area of any State.
c)Diminish the area of any State.
d) Alter the boundaries of any State.
e)Alter the name of any State.
Provided that no Bill for the purpose shall be introduced in either House of Parliament except on the recommendation of the President and unless, where the proposal contained in the Bill affects the area, boundaries or name of any of the States, the Bill has been referred by the President to the Legislature of that State for expressing its views thereon within such period as maybe specified in the reference or within such further period as the President may allow and the period so specified or allowed has expired. ভাৰতীয় সংবিধানৰ তিনি নং ধাৰা অনুসাৰে সংসদৰ উভয় সদনত বিল পাছ কৰি মহামান্য ৰাষ্ট্ৰপতিৰ অনুমোদন সপক্ষে নতুন ৰাজ্য বা কেন্দ্ৰ শাসিত অঞ্চল গঠন কৰিব পাৰে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো মতামত লোৱাৰ প্ৰয়োজনীয়তা নাথাকে । কেন্দ্ৰ চৰকাৰে ইচ্ছা কৰিলে ৰাষ্ট্ৰপতি অনুমোদন সপক্ষে কোনো এখন ৰাজ্যৰ আয়তন বৃদ্ধি কৰিব পাৰে বা কমাব পাৰে। এই ধাৰা অনুসৰি কোনো ৰাজ্যৰ সীমা সংশোধন বা পৰিবৰ্তন কৰিব পাৰে; তাৰোপৰি কোনো এখন ৰাজ্যৰ নামও পৰিবৰ্তন কৰিব পাৰে সংসদীয় পদ্ধতি অবলম্বন কৰি । সেয়ে আমি ভাৰত চৰকাৰক আবেদন জনালোঁ যে চৰকাৰে ভাৰতীয় সংবিধানৰ তিনি নং ধাৰা অনুসাৰে উত্তৰবংগ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন কৰক। উল্লেখযোগ্য যে যি সময়ত কেন্দ্ৰৰ শাসনাধিষ্টিত BJP দলৰ কেইবা গৰাকী সাংসদ-বিধায়কে উত্তৰবংগক পৃথক ৰাজ্যৰ মৰ্য্যদা দিয়াৰ দাবী উত্থাপন কৰাৰ সময়তে কে পি পিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে উত্তৰবংগ আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ দাবী উত্থাপন কৰা বিষয়টোয়ে এক বিশেষ তাৎপৰ্য্য বহন কৰিছে ।
প্ৰেৰক কৃষ্ণ বৰ্মন