নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত জনজাতিকৰণৰ দাবীত চাওতাল ছাত্ৰ সন্থাৰ চাইকেল ৰেলী

বিশেষ বাৰ্তা, ১৬ মে’ : অসমত বসবাস কৰা চাওতালসকলৰ জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীৰ ভিত্তিত আজি চৰাইদেউ জিলাৰ বৰহাটৰ পৰা জিলা সদৰ সোণাৰিলৈ সদৌ অসম চাওতাল ছাত্ৰ সন্থাই এক বিশাল চাইকেল ৰেলী বাহিৰ কৰে৷ প্ৰতিকুল বতৰকো নেওচি আজি পুৱা ১১ বজাত চাওতাল ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বৰহাটৰ পৰা সোণাৰিলৈ উলিওৱা বিশাল সমদলটোৱে অসমত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা চাওতালসকলৰ জনজাতিকৰণৰ লগতে অসমৰ বিদ্যালয়সমূহত চাওতাল ভাষাৰ শিক্ষক নিযুক্তি দিয়া, অসমত বসবাস কৰা চাওতালীসকলক জাতিগত প্ৰমাণ পত্ৰ দিবৰ বাবে চাহ জনগোষ্ঠীয় জাতীয় সন্মিলনক চৰকাৰে দিয়া দায়িত্বৰ বিৰোধিতা কৰাকে ধৰি কেইবাটাও দাবীৰ ভিত্তিত সংগঠনটোৱে এই ৰেলী বাহিৰ কৰে৷ উল্লেখ্য, বৰহাটৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি কেইবাশ চাওতালী লোকে সমদল কৰি সোণাৰিত উপস্থিত হয়৷ ৰেলীত সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে জনগোষ্ঠীটোৰ কেইবাশতাধিক মুনিহ-তিৰোতাই অংশগ্ৰহণ কৰে৷

প্ৰেৰক দীপাংকৰ পাল

You might also like