নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ পৰা যোৰহাটলৈ পৰিবহণ বিভাগৰ বাছ সেৱাৰ মুকলি

নিয়মীয়া বাৰ্তা, ১৬ মে : আজি প্ৰায় ১৫ টা দিনে দি অহা নেৰা নেপেৰা বৰষুনৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ আহিছে ৷ যাৰ বাবে কালিৰ পৰা বন্ধ হৈ পৰিছে মাজুলী -নিমাতীৰ ফেৰী সেৱা ৷ পন বন্দি হৈ পৰা মাজুলী বাসীক সকাহ দিবৰ বাবে মাজুলীৰ পৰা বগীবিল হৈ ASTC বাছ সেৱা যোৰহাটলৈ চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাজুলী পৰিবহন বিভাগে । বিভাগটোৱে তেঁওলোকৰ সামাজিক মাধ্যমৰ পেজত যোৰহাট লৈ যাব লগা ব্যক্তি সকলে ৬০০১২২৭৩১৫২২ ত যোগাযোগ কৰিব পাৰিব । পৰিবহণ বিভাগৰ মাজুলীৰ কমলাবাৰীস্থ কাৰ্যালয়ৰ পৰা পুৱা ৬ বজাত যোৰহাটলৈ আৰু যোৰহাট আই এছ বিটিৰ পৰা ৮:৪৫ বজাত মাজুলীলৈ যাত্ৰী সকল আহিব পাৰিব ৷ কালিৰ পৰা মাজুলী – নিমাতীৰ ফেৰি সেৱা বন্ধ হোৱাৰ লগে লগে মাজুলী জিলা প্ৰশাসনে তৎপৰতাৰে জিলা পৰিবহন বিভাগৰ সহযোগত গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like