নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰাকৰ ভগ্ন স্মৃতিচিহ্ণৰ শিল সংগ্রহকাৰীক মৃত্যুদণ্ড

নিয়মীয়া বাৰ্তা, ১৭ মে’: ইৰাকৰ ভগ্ন স্মৃতিচিহ্ণৰ পৰা ১২টা শিল সংগ্রহ কৰি মৃত্যুদণ্ডৰ সন্মুখীন হৈছে এগৰাকী প্রাক্তন ব্রিটিছ ভূবিজ্ঞানী৷ দেশখনৰ ইৰিদুৰ স্মৃতিচিহ্ণৰ ভগ্ণাৱশেষৰ পৰা প্রাক্তন ব্রিটিছ ভূবিজ্ঞানী জিম ফিটনে তেওঁৰ সহযোগীৰ সৈতে উক্ত স্মৃতিচিহ্ণ পৰিদর্শন কৰাৰ সময়ত ১২টা শিলৰ টুকুৰা সংগ্রহ কৰিছিল৷ এই তথ্য ইৰাকৰ চৰকাৰে লাভ কৰাৰ পিছতে সহযোগীসহ ব্রিটিছ ভূবিজ্ঞানীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ তিনিজনীয়া বিচাৰপীঠে অপৰাধমূলক গোচৰত জড়িত প্রাক্তন ভূবিজ্ঞানীজনৰ বিৰুদ্ধে যোৱা দেওবাৰে শুনানি আৰম্ভ কৰে আৰু প্রাক্তন ভূবিজ্ঞানীজন আদালতত হাজিৰ হয়৷ যোৱা ২০ মার্চত সতীর্থসহ ভূবিজ্ঞানীজনে ১২টা শিলৰ টুকুৰা লৈ ইৰাকৰ বাগদাদৰ পৰা স্বদেশলৈ উভতি যোৱাৰ সময়তে ধৰা পৰে৷ ইয়াৰ পিছতেই গোচৰ ৰুজু কৰা হৈছিল৷ সম্প্রতি আদালতে তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় দিছে৷ তদুপৰি তেওঁৰ সহযোগী জার্মানীৰ ভকাৰ ৱাল্ডাৰমেনকো মৃত্যুদণ্ডৰ ৰায় দিছে আদালতে৷

You might also like