নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হলংগী বিমান বন্দৰৰ নিৰ্মাণৰ অগ্ৰগতি বুজ ললে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱেঃ স্বাধীনতা দিৱসত মুকলিৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৭ মে’: লখিমপুৰ ,গহপুৰ , ইটানগৰ ,নাহৰলগুন তথা অসম-অৰুণাচলৰ বিমান যাত্ৰীসকলৰ বাবে এটা  ভাল খবৰ হিচাবে পৰিগণিত হৈছে ৷ ইতিমধ্যে অসম-অৰুণাচল সীমান্তবৰ্তী হলংগী বিমান বন্দৰৰ কাম -কাজ প্ৰায় সম্পূৰ্ণ হৈছে ৷ বিমান বন্দৰটোৰ কামৰ অগ্ৰগতি সম্পৰ্কে অলপতে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে বুজ লোৱাৰ লগতে পৰিদৰ্শন কৰে ৷

নিৰ্মিয়মান গ্ৰীণ ফিল্ড বিমান বন্দৰ নিৰ্মাণৰ অগ্ৰগতি বুজ লৈ Airport Authority of India ডি জি এম  এম সুৰেছৰ সৈতে এক আলোচনাত মিলিত হৈছিল ৷ ইতিমধ্যে সকলো কাম সম্পূৰ্ণ হৈ উঠিছে আৰু  ৰাষ্ট্ৰীয় বিমান প্ৰাধিকৰনে চলিত বৰ্ষৰ   স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি   এই বিমান বন্দৰ কাৰ্যক্ষম কৰাৰ কথা ঘোষণা কৰিছে ৷ প্ৰায় ৬৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ উঠা  এই বন্দৰে এই অঞ্চলৰ বৃহৎ অভাব পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷ প্ৰায় ২৩০০ মিটাৰ দীঘল আৰু ৬০ মিটাৰ বহল এই বৃহৎ ৰানৱেৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি বিমান প্ৰাধিকৰণৰ মুখ্য বিষয়া ডি জি এম এম সুৰেছে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে ৪০০০ মিটাৰৰ টাৰমিনেল বিল্ডিংৰ কামও প্ৰায়  সম্পূৰ্ণ হৈ উঠিছে ৷ ইয়াৰ উপৰিও ১২ কিলোমিটাৰ দৈঘ্যৰ চাৰি সীমাৰ পকী ৱাল, এয়াৰ ট্ৰেফিক কন্ট্ৰল টাৱাৰৰ লগতে ১১ কে ভিৰ পাৱাৰৰ ষ্টেচনৰ কামো  শেষ পৰ্যায়ত আছে ৷

প্ৰেৰকঃ মুকুল ভূঞা
You might also like