বিশেষ বাৰ্তা, ১৮ মেঃ কন্যা শ্বীনা বৰাৰ হত্যাত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে লাভ কৰিলে জামিন। উচ্চতম ন্যায়ালয়ে জামিন দি কৈছে – ইতিমধ্যে ৬.৫ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছে। শীনা বৰা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া সোনকালে শেষ নহ’ব। আদালতে লগতে উল্লেখ কৰে যে এই গোচৰৰ আন অভিযুক্ত পিটাৰ মুখাৰ্জীয়ে ইতিমধ্যে ২০২০ চনৰ ফেব্ৰুৱাৰীৰ পৰা জামিনত আছে। পিটাৰ মুখাৰ্জীৰ জামিন প্ৰদান কৰা সকলোবোৰ চৰ্ত সাপেক্ষে আদালতে ইন্দ্ৰানীক জামিনত মুকলি কৰি দিবলৈ অনুমতি দিয়ে। চিবিআই আদালতে একাধিকবাৰ জামিন অস্বীকাৰ কৰাৰ পিছত যোৱা ফেব্ৰুৱাৰীত ইন্দ্ৰাণীয়ে তেওঁৰ জামিন আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল। মাৰ্চত চিবিআইয়ে উচ্চতম ন্যায়ালয়ত তেওঁৰ জামিন আবেদনৰ বিৰোধিতা কৰিছিল।
You might also like