নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সব্যসাচীৰ শাড়ীত দগমগাইছে দীপিকা! কাঁৰ উদ্বোধনী সন্ধিয়াৰ অন্যতম আকৰ্ষণ বলীউড অভিনেত্ৰী

বিশেষ বাৰ্তা, ১৮ মেঃ কাঁ চলচ্চিত্র মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ ৰৈছে দীপিকা পাডুকোন। এইবছৰ তেওঁ কাঁৰ জুৰী সদস্যও। উদ্বোধনী সন্ধিয়া সকলো স্পটলাইট কাঢ়ি নিলে দীপিকাই। অভিনেত্ৰীগৰাকীয়ে কাঁ চলচ্চিত্র মহোৎসৱৰ উদ্বোধনী সন্ধিয়া সাজিছিল সব্যসাচী মুখাৰ্জীৰ ডিজাইন কৰা শাড়ীত। ক’লা আৰু গোল্ডেন কম্বিনেশনে আৰু মোহময়ী কৰি তুলিছিল বলীউড তাৰকাগৰাকীক। লগতে চকুৰ মেক-আপ আছিল কঢ়া। কাঁত অহা ২৮ মে’ত এইবৰ্ষৰ বিজেতা ঘোষণা কৰা হ’ব। ৯ সদস্যৰে জুৰী গঠন কৰা হৈছে। তেওঁলোকৰ মাজত অন্যতম ভাৰতৰ দীপিকা পাডুকোন। ২০১৭ চনৰ পৰা কাঁত নিয়মিত দেখা গৈছে দীপিকাক।

You might also like