নগাঁৱত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী পীয়ূষ হাজৰিকাই
নিয়মীয়া বাৰ্তা, ২১ মে’: জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই নগাঁও সদৰৰ কেইবাটাও স্থানত আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে কলং নদীৰ বানত প্লাৱিত অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্তসকলৰ বুজ লয় । মিলনপুৰত লোক নিৰ্মান বিভাগৰ পথ এটাৰ এচোৱা নদীৰ বানে খহাই নিয়াত জলসম্পদ বিভাগক মন্ত্ৰীগৰাকীয়ে জিঅ’ বেগ আদিৰে পথৰ চিগা অংশ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে এই সময়চোৱাত চিগা অংশৰে পানী সোমাই ৰাইজক আৰু সমস্যাত পেলাব নোৱাৰে আৰু অঞ্চলটোৰ ৰাইজে পথটোৰে যাতায়ত পুনৰ আৰম্ভ কৰিব পাৰে। মিলনপুৰৰ পাছতে মন্ত্ৰীগৰাকীয়ে চহৰখনৰ বৈদ্যটোপ, শেনছোৱা হালধিআটি আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থকা জিলা প্ৰশাসনৰ বিষয়াসকলক বানাক্ৰান্ত ৰাইজক খাদ্য, চিকিৎসা আদিকে ধৰি সকলো সহায় তাৎক্ষণিকভাৱে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।