নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তিৰ পোষকতাঃ বটদ্ৰৱা ঘটনাৰ প্ৰতিক্ৰিয়া ভৱেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ২২ মে’:- ৰাজ্য কঁপোৱা বটদ্ৰৱা ঘটনাক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৰ্বৃত্তক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰক আহ্বান জনায় । লগতে দুস্কৃতিকাৰীক ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তি দিয়াৰ পোষকতা কৰে। বটদ্ৰৱাৰ ঘটনাত জেহাদী শক্তি জড়িত থকা বুলি মন্তব্য কৰে । স্থানীয় বিধায়িকাই সমাজৰ আৰু দেশৰ ভালৰ বাবেই প্ৰৰোচনামূলক বক্তব্যৰ পৰা আঁতৰি থকা উচিত । অসম আৰক্ষীয়ে এশ শতাংশৰো বেছি ভাল কাম কৰিছে । অশুভ শক্তিয়ে চৰকাৰখনক অস্থিৰ কৰাৰ চক্ৰান্ত চলিছে বুলি সভাপতিগৰাকীয়ে কয় ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like