গহপুৰৰ ছত্ৰং নৈৰ বানে বাসগৃহ বিধ্বস্ত কৰা বয়োজ্যেষ্ঠ নামঘৰীয়াক বস্ত্ৰ প্ৰদান
"নামঘৰীয়া" শীৰ্ষক অনুষ্ঠানৰ হৈ শিক্ষাবিদ যাদৱ চলিহাৰ পদক্ষেপ
নিয়মীয়া বাৰ্তা, ২৩ মেঃ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা ছত্ৰং নৈৰ বাঢ়নী পানীৰ প্ৰৱল সোঁতে যোৱা ১৬ মে’ত গহপুৰ পৌৰসভাৰ ৮নং ৱাৰ্ডত মথাউৰি ভাঙি জল প্ৰলয়ৰ সৃষ্টি কৰে। ভগ্ন মথাউৰিয়েদি সোমাই অহা তীব্ৰ গতি সম্পন্ন স্ৰোতধাৰাই ৱাৰ্ডটোৰ ১৩ টাকৈ পৰিয়ালৰ বাসগৃহ বিধ্বস্ত কৰি সৰ্বস্বান্ত কৰে। উক্ত ১৩ টা পৰিয়ালৰ ভিতৰৰ কমল বৰা নাম বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীয়ে অঞ্চলটোৰ নামঘৰৰ নামঘৰীয়া হিচাপে কৰ্ম সম্পাদন কৰি আহিছে । ৭ দিনকৈ আশ্ৰয় শিবিৰত থকাৰ পিছত কালি নিজৰ বিধ্বস্ত ঘৰলৈ ঘূৰি অহা নামঘৰীয়া কমল বৰাক “নামঘৰীয়া” শীৰ্ষক অনুষ্ঠানৰ তৰফৰ পৰা এজন নামঘৰীয়াই পৰিধান কৰা সম্পূৰ্ণ সাজ প্ৰদান কৰা হয়।
উল্লেখ্য যে সামাজিক মাধ্যম ফেচবুকৰ পৃষ্ঠা ‘নৰ্থ আসাম নাউ’ৱে বিগত ২১ সপ্তাহ ধৰি ‘নামঘৰীয়া’ শীৰ্ষক এক আধ্যাত্মিক অনুষ্ঠান চলাই আহিছে। অসমৰ এগৰাকী পৰিচিত চিত্ৰ-ভাস্কৰ্য শিল্পী দ্বীপন দিহিঙীয়াই পৰিচালনা কৰা ‘নামঘৰীয়া’ অনুষ্ঠানৰ পৃষ্ঠপোষক হ’ল গহপুৰ মহকুমাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰঙাবাৰীস্হিত মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক, শিক্ষাবিদ তথা আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট যাদৱ চলিহা।
নৰ্থ আসাম নাউৰ ‘নামঘৰীয়া’ শীৰ্ষক অনুষ্ঠানৰ হৈ শিক্ষাবিদ যাদৱ চলিহাই কালি নামঘৰীয়া কমল বৰাক গামোচা, চেলেং, ধূতি, পাঞ্জাৱী, গেঞ্জিৰ লগতে এটি অৰিহনা প্ৰদান কৰে । ছত্ৰং নৈৰ অভূতপূৰ্ব বানত সৰ্বস্বান্ত হোৱা নামঘৰীয়াগৰাকীক বস্ত্ৰ প্ৰদানৰ উক্ত অনুষ্ঠানটোত গহপুৰৰ বিশিষ্ট ক্ৰীড়া সংগঠক অপূর্ব সিংহ, ধৰ্মপ্ৰাণ ব্যক্তি ভাইটি হাজৰিকা, নামঘৰীয়া অনুষ্ঠানৰ পৰিচালক দ্বীপন দিহিঙীয়া , নৰ্থ আসাম নাউৰ প্ৰশাসক ৰমেন বৰা, অভিনেতা তথা সাংবাদিক ৰুদ্ৰ সাগৰ, যুৱ সাংবাদিক বিদ্যুৎপন ভূঞা, বিপ্লৱ গোৱালাৰ লগতে নামঘৰীয়া কমল বৰাৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। বস্ত্ৰ গ্ৰহণ কৰি বয়োজ্যেষ্ঠ নামঘৰীয়া কমল বৰাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সকলোকে আশীৰ্বাদ দিয়ে।
প্ৰেৰকঃ বীৰেন কাথ হাজৰিকা, হেলেম