সোণাৰিৰ দুই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে
বিশেষ বাৰ্তা, ২৩ মে’ : “শিশুসকল আমাৰ দেশৰ ভৱিষ্যত । তেওঁলোকক সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ এক সুস্থ পৰিৱেশ দিব লাগিব । এইক্ষেত্ৰত অংগনৱাড়ী কেন্দ্ৰসমূহে এক বলিষ্ট ভূমিকা গ্ৰহণ কৰিব পাৰে ।” আজি চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰি এই মন্তব্য কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে । অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পুঁজিৰে নিৰ্মাণ কৰা চফ্ৰাই বাগিছা ১ নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু সোণাৰি বাগিছা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও ভাষণ প্ৰসংগত কয় যে -“অসম চৰকাৰে পৰ্যায়ক্ৰমে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰকেই আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে পৰিকল্পনা কৰিছে । প্ৰথম পৰ্যায়ত চৰাইদেউ জিলাৰ দুয়োটা সমষ্টিৰ প্ৰতিটোতে ১১টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আৱন্টন লাভ কৰিছে ।” পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আঁত ধৰা সভাকেইখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে। সভাত উপস্থিত থাকি জিলা উপায়ুক্ত পল বৰুৱাই কয়- “ইতিমধ্যে চৰাইদেউ জিলাত চাৰিটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰা হৈছে । অৱশিষ্ট কেন্দ্ৰসমূহো অহা জুন মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হ’ব ।” সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানেও বক্তব্য ৰাখে । আজি আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধনী সভাত এ.পি.জি.চি.এল.ৰ সঞ্চালক(স্বতন্ত্ৰ) অনুপ সিং ৰাজপুৰোহিত, উপ-আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ, সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(সংলগ্ন) নৱজ্যোতি চহৰীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৌফিক হুছেইন, সাপেখাতী আৰু সোণাৰি উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়াদ্বয় ক্ৰমে ৰণ্টু বৰুৱা আৰু ৰেণু দেউৰী, বিশিষ্ট সমাজকৰ্মী ক্ৰমে লক্ষ্মীনাথ তাচা, কাজল দে, দিলীপ কোঁৱৰ, ৰাজেন গগৈ, অভিজিত চেলেং, দেৱজিত হাজৰিকা, পবী গগৈ প্ৰমুখ্যে অভয়পুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকাবৃন্দ আৰু পোষণ অভিযানৰ কৰ্মচাৰীসকলৰ লগতে ভালেসংখ্যক অংগনবাড়ী কৰ্মী-সহায়িকা উপস্থিত থাকে ।
প্ৰেৰক দীপাংকৰ পাল