নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুলবুল কাষত আছে বুলি ভাবিয়েই ভাল লাগিছে… সপত্নীক ইডেনত খেল চাবলৈ আহিল অৰুণ লাল, মধুচন্দ্ৰিকাৰ বাবে হৈছে সাজু

বিশেষ বাৰ্তা, ২৬ মেঃ এইবাৰৰ আইপিএল একেবাৰে অন্যধৰণৰ অৰুণ লালৰ বাবে। অতদিনত বহুবাৰ ইডেন গার্ডেনত আহিছে, কিন্তু এইবাৰৰ প্রেক্ষাপট যথেষ্ট বেলেগ। খেলা চাবলৈ আহিল সপত্নীক, লগত সদ্য বিবাহিতা দ্বিতীয় পত্নী বুলবুল। ইডেনৰ প্রেছ বক্সৰ কাষতে বহিলে নৱদম্পতি। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অৰুণ লালে ক’লে- আগতেও আইপিএল চাবলৈ আহিছে, কিন্তু বিয়াৰ পাছত বুলবুল কাষত আছে বুলি ভাবিয়েই ভাল লাগিছে। আনফালে সুন্দৰী আৰু সপ্রতিভ বুলবুলে মনৰ ভাব ব্যক্ত কৰি জনালে, আগতেও আইপিএললৈ আহিছে খেল উপভোগ কৰিবলৈ, কিন্তু অৰুণ কাষত থকাৰ অনুভৱেই বিশেষ। সেই সময়ত খেল আৰম্ভ হোৱা নাছিল, বৰষুণৰ বাবে ইডেন ঢাকি দিয়া হৈছিল। অহা বৃহস্পতিবাৰে আকৌ বেংগলৰ দলৰ সৈতে ৰঞ্জি কোৱার্টাৰ ফাইনেল মেচ খেলিবলৈ বাংগালুৰুলৈ যাবলৈ ওলাইছে অৰুণ লাল। লগত যাব পত্নীও। মধুচন্দ্রিমাও কৰিব তাতেই।

You might also like