নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াক একাশৰীয়া কৰাটো অসম্ভৱ… পুটিনৰ পুনৰ সকীয়নি, গণহত্যাৰ আশংকা কৰিছে জেলেনস্কিয়ে

বিশেষ বাৰ্তা, ২৭ মেঃ মস্কোক “বিচ্ছিন্ন কৰাটো অসম্ভৱ”। এই সকীয়নি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ। বৃহস্পতিবাৰে পশ্চিমীয়া দেশসমূহক সকীয়াই দি পুটিনে কয় যে- যিসকলে এনে চেষ্টা কৰিছে তেওঁলোকে মূলতঃ নিজকে আঘাত দিব। ইউক্ৰেইন যুদ্ধই চতুৰ্থ মাহত ভৰি থোৱাৰ সময়তে বিশ্বৰ খাদ্য আৰু ইন্ধনৰ যোগানত বেয়াকৈ প্ৰভাৱ পৰাৰ সময়তে এই মন্তব্য কৰিছে অদম্য ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে। ইফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ডনবাছত ‘গণহত্যা’ৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ৰেমলিনৰ বিৰুদ্ধে। কেইবাখনো প্ৰাক্তন ছোভিয়েট ৰাষ্ট্ৰক সামৰি গঠন হোৱা ইউৰেছিয়ান ইকনমিক ফ’ৰামৰ সদস্যসকলক ভিডিঅ’ৰ জৰিয়তে এই কথা সদৰী কৰি পুটিনে কয় যে ই আধুনিক বিশ্বত মস্কোক একাশৰীয়া কৰাটো অসম্ভৱ, একেবাৰে অবাস্তৱ কথা।

You might also like